মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্রাস পাইছে সুৰাৰ বিক্ৰী । শংকিত চৰকাৰ

0 minutes, 0 seconds Read

সুৰাৰ মূল্য বৃদ্ধি কৰি বিপদত পৰিছে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। কাৰণ দাম বৃদ্ধিৰ পাছতে অসমত দ্ৰুত গতিত হ্ৰাস পাইছে বিলাতী সুৰাৰ বিক্ৰী।সম্প্রতি সুৰা বিক্রী হ্রাস পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে দিছপুৰ । উল্লেখ্য যে অসমৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰি আছে সুৰাই । তেনেস্থলত সুৰা বিক্ৰীৰ জৰিয়তে লাভ কৰা ৰাজহৰ পৰিমাণ পূৰ্বৰ তুলনাত হ্ৰাস পোৱা ঘটনাই ঋণৰ বোজাত ককবকাই থকা অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে ।দুই এটা প্ৰতিবেদন অনুসৰি অসমত অভাৱনীয় হাৰত সুৰাৰ বিক্ৰীৰ পৰিমাণ হ্ৰাস। হোৱাৰ কথা উল্লেখ কৰাৰ লগতে অসমত ৫০% মদৰ বিক্ৰী হ্রাস পাইছে বুলি দাবী কৰিছিল। মদৰ বিক্ৰী হ্রাস হোৱাত ৰাজধানী দিছপুৰত হুৱাদুৱা লাগিছিল। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ দিছপুৰে সুৰা ব্যৱসায়ীসকলক বান্ধি দিছিল সুৰা
বিক্ৰীৰ টার্গেট।
আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি অসমত বর্তমান ১৭০৭খন ৱাইন শ্বপ, ৯২৩খন বাৰ আৰু ৩৭৩খন দেশীয় সুৰাৰ বিপনী আছে।তদুপৰি আবকাৰী বিভাগে নতুনকৈ ২৬খন জিলাত ২০৩খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।চলিত বৰ্ষৰ জানুৱাৰী পৰ্যন্ত ৰাজ্যত আবকাৰী ৰাজহ সংগ্ৰহ হৈছে ৩,৮১৬কোটি টকা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে ৮ মাহত দুবাৰকৈ সুৰাৰ দাম বৃদ্ধি কৰে আৰু আবকাৰী ৰাজহ ৪,৫০০ কোটি সংগ্ৰহৰ লক্ষ্য বান্ধি লয়।তথ্য অনুসৰি আবকাৰী বিভাগে গুৱাহাটীৰ প্ৰতিখন ৱাইন শ্বপক প্রতিমাহে ৪,৫০০ লিটাৰ বিলাতী সুৰা আৰু ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰ টার্গেট বান্ধি দিছে।কিন্তু এইবাৰ চৰকাৰৰ সকলো পৰিকল্পনা ধূলিসাৎ হৈ পৰিছে। এখন অসমীয়া বাতৰি কাকতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে, উৎসৱৰ দিনত গতানুগতিক সুৰা বিক্রীতকৈ অধিক সুৰা বিক্ৰী হোৱাৰ বিপৰীতে সাধাৰণ দিনত ৬-৭ কোটি টকা সুৰা বিক্ৰী হৈছিল কিন্তু এই পৰিমাণ এতিয়া ৪-৫কোটিলৈ হ্রাস পাইছে যি পূৰ্বৰ তুলনাত ৩৩% হ্রাস পাইছে।তদুপৰি মদৰ দামবৃদ্ধিৰ পাছতে অসমৰ একাংশ গ্রাহকে খানাপাৰাস্থিত মেঘালয়ৰ সুৰাৰ বিপনীত সুৰা ক্ৰয় কৰিছে যাৰ বাবে অসমত সুৰা বিক্ৰী হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search