অবিশ্বাসৰ দুৱাৰত টুকুৰিয়াই ফুৰিলো
নিদ্ৰাহীণ গভীৰ ৰাতি দুহাত ধৰি লৈ যোৱা
বিশ্বাসৰ সিটো পাৰলৈ
চাব খোজোঁ নির্জন ৰাতি
সাগৰৰ গভীৰতাক হৃদয়ৰ আকুলতা হৈ,
চাব খোজোঁ মাজনিশা
অন্ধকাৰৰ গভীৰ ক্ৰন্দন
চাব খোজো শেৱালী পাহি
যেন চকুৰ পতাত আকি ৰখা নানা অঙ্কণ।
আঁকিব খোজোঁ
শুকান পদুম পাতত জীৱনৰ ৰঙ তুলিকা
জীয়াশিলৰ ছবি,
অবিশ্বাসৰ দুৱাৰত টুকুৰিয়াই ফুৰিলো
নিদ্রাহীণ গভীৰ ৰাতি !!
ডেইজী বৈশ্য