কলিয়াবৰত কৃষকৰ মাজত হাহাকাৰ। ধাননি পথাৰত ধান নাই, উৎপাদন হল কেৱল পতান।

0 minutes, 0 seconds Read

কলিয়াবৰৰ বৰঘুলীত কৃষকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ। অধিক উৎপাদনৰ আশাৰে বজাৰৰ পৰা কিনি আনিছিল উন্নত জাতৰ ধানৰ বীজ । বজাৰৰ পৰা কৃষকে ক্ৰয় কৰি আনিছিল পশ্চিম বংগৰ ৰাম নগৰ চিড ফাৰ্ম ৰ “সোণালী ফচল ” নামৰ ধানৰ বীজ । কঠিয়া পাৰি ৰুলে এই বীজৰ ধান । লহপহকৈ বাঢ়ি সুন্দৰ সুন্দৰ থোক মেলিলে ধানে । পিছে ধান গুটিত কেৱল ওলাল পতান । চাৰিশ পঞ্চাশ টকাকৈ প্ৰতিবেগ বীজ কিনি আনি কঠোৰ পৰিশ্ৰম আৰু ধন ব্যয় কৰাৰ পাছত উৎপাদনৰ নামত কেৱল পতান লাভ কৰা কৃষক সকলে এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে । এই দৃশ্য কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰঘুলীৰ। ১নং বৰঘুলী ৰ পথাৰত ধান খেতি কৰা বহু কেইজন কৃষকৰ এই অৱস্থা এতিয়া। এয়া হয়তো এক উদাহৰণ হে মাত্ৰ । খং, ক্ষোভ আৰু দুখত ভাগি পৰা ভুক্তভোগী কৃষক সকলে ইয়াৰ উচিত বিচাৰ বিচাৰিছে । সংশ্লিষ্ট কোম্পানীটোৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপুৰন দিয়াৰ দাবী জনাইছে অসম চৰকাৰৰ কৃষি বিভাগক।

কলিয়াবৰৰ পৰা অনুপ বৰা

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search