মৃত্যুৰ পিচত আৰু একো নাই
এই কথাটো জনাৰ পিচত মোৰ কিয় মৰিবলৈ মন যাব- কোৱা
জীৱিত জীৱনটো ছাই হৈ গ’ল
তাৰ পিচত আৰুনো থাকিল কি
যদি মই মৰি যাওঁ
জী থাকা তুমি
অথবা তুমি যদি মৰি গ’লা
জী থাকিলো মই
তেতিয়া এই ভালপোৱাবোৰ থাকিব ক’ত
স্মৃতিত? যন্ত্রণাদগ্ধ সেই সোঁৱৰণিত?
ক’ত থাকিব ভালপোৱা
মৃত্যুতকৈও শীতল সেই একাকীত্বত?
হয়তো লিখা হ’ব পাৰে কিছু গান কিছু কবিতা
এখন দীঘলীয়া উপন্যাস
য’ত তুমি বা মই একোটা চৰিত্ৰ হ’ম মৰি যোৱা চৰিত্ৰ একোটা হৈ কাৰোবাক কন্দুৱাম
কাৰোবাৰ বাবে হ’ম প্রেমময় প্ৰেৰণা
এই কথা জনাৰ পিচত মোৰ কিয় মৰিবলৈ মন যাব- কোৱা
মই কিয় হেৰুৱাব খুজিম তোমাক
ইমান অবিশ্বাসী এই মৃত্যুত কিয় আৰোপ কৰিম শিল্পৰ মহত্ত্ব
কিয় ক’ম এনে কথা- তুমি মৰি গ’লে ময়ো মৰি যাম
মৰি গ’লেই যদি সকলো শেষ
কিয় ক’ম এনেবোৰ কথা
তাতকৈ জীৱনক জটিলতাৰ পৰা সৰল কৰিবলৈ
প্রিয় শত্রুবোৰৰো দীর্ঘায়ু বিচাৰিম
মৃত্যুৰ পিচত যদি একোৱেই নাথাকে
তেনে মৃত্যু আমাক কিয়নো লাগে
কমল কুমাৰ মেধি