ঢকুৱাখনাৰ পথাৰত সোনগুটিৰ সোনোৱালী হাঁহি ।চাৰিওফালে সেউজীয়া আৰু সেউজীয়া

0 minutes, 0 seconds Read

কেইজনমান চহা ব্যক্তিৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ ফলত
বিগত কেইবাটাও বছৰ ধৰি ঢকুৱাখনা ঘিলামৰা সীমান্তবৰ্তী শকপৰা বলাহীৰ কৃষি পথাৰত সুচনা হৈছে সেউজ বিপ্লৱৰ
বিভিন্ন প্ৰজাতিৰ উন্নতমানৰ ধানৰ লগতে আলু । গোমধান,ডাংবডী,তৰমুজ,পটল,জিকা ইত্যাদিৰ খেতিৰে সূচনা কৰিছে এক সেউজ বিপ্লৱৰ

বেম্ব ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ এটা বেচৰকাৰী সংস্থাৰ পৰিকল্পনাত কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা সংস্থাটোৱে যঠেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ঢকুৱাখনা ঘিলামৰাৰ লগতে ৰাজ্যলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা

বৰ্তমান প্ৰায় ১৫বিঘা মাটিত মিলেট অৰ্থাৎ কনীধানৰ খেতিৰে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে ।
বৰ্তমান কনীধানৰ ঠোকবোৰে কৃষকসকলৰ সপোন বাস্তবায়িত কৰিবলৈ গা মেলিছে ।

উল্লেখনীয় যে ঢকুৱাখনা আৰু ঘিলামৰাৰ একাংশ সংবাদকৰ্মীৰ উপস্থিতিত তেওঁলোকৰ হাতেৰে ৰূপিত হ’ল প্ৰায় ২০জোপা উন্নত প্ৰজাতিৰ মধুৰীআমৰ পুলি

ঘিলামৰাৰ পৰা বিশ্বজিৎ কোঁচ

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search