গৈ থাকিলে তোমাৰ সতে
গৈ থাকিবলৈয়েই মন যায়
যেন নৈখনৰ দৰে আৰু উভটি আহিব নোৱাৰাকৈ
ৰৈ থাকিলে তোমাৰ সতে
ৰৈ থাকিবলৈয়েই মন যায়
যেন ফুলবোৰৰ সতে পখিলাবোৰ ৰৈ থকাৰ দৰে
অথচ
তোমাৰ সতে নথকা
সময় খিনিত মই
বুজাব নোৱাৰো নিজকে অলপো
মনটো অকলে অকলে যে
গৈ থাকিবও নিবিচাৰে
আৰু ৰৈ থাকিবও