ৰঙিয়াত চাকৰিৰ নামত ধন লোৱা দালালক উত্তম মাধ্যম

0 minutes, 0 seconds Read

ৰঙিয়াৰ তৰণীত প্ৰৱঞ্চকক উত্তম মাধ্যম । ৰাইজৰ উপস্থিতত ৰাজহুৱা শাস্তি প্ৰদান ৰঙিয়াৰ তাতিপাৰাৰ প্ৰৱঞ্চক ৰবিন বৈশ্যক । চাকৰিৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰৱঞ্চক চাৰিফালৰ পৰা ঘেৰি ধৰি প্ৰৱঞ্চক কৰায়ত্ব ৰাইজৰ । তাৰ পিছতে প্ৰৱঞ্চকৰ ওপৰত চলিল চৰ, ভুকু, গোৰ । ঘটনাৰ বিৱৰণী অনুসৰি, চাকৰিৰ দিয়াৰ নামত কেইবাজন লোকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে প্ৰৱঞ্চক ৰবিন বৈশ্য । প্ৰৱঞ্চকটোৱে কিছুদিন পূৰ্বে জল সম্পদ বিভাগৰ চাকৰিৰ লোভ দেখুৱাই কেইবাজনো লোকৰ পৰা ধন সৰকাবলৈ চেষ্টা চলাইছিল । প্ৰৱঞ্চকটোৱে প্ৰতিজন লোকৰ পৰা এটাকৈ চাকৰিৰ বিনিময়ত পঞ্চাশ হাজাৰ টকাকৈ প্ৰথম কিষ্টিত ধন দাবী কৰিছিল । কিন্তু যি কেইজন মানুহক প্ৰৱঞ্চকটোৱে লোভ দেখুৱাইছিল সেইকেইজন লোকে প্ৰৱঞ্চকটোক হাতে লোটে ধৰাৰ পৰিকল্পনা কৰি মাতি পঠিয়াই তৰণী অঞ্চলত । পিছত যেতিয়া পৰিকল্পনা অনুযায়ী পইছা লবলৈ প্ৰৱঞ্চক ৰবিন বৈশ্য উক্ত লোক কেইজনৰ ওচৰত উপস্থিত হয় তেতিয়া স্থানীয় কেইবাজনো লোকে আগুৰি ধৰি জেৰা কৰে । ৰাইজৰ উপৰ্জুপৰি প্ৰশ্নৰ হেচাত পৰি প্ৰৱঞ্চকটোৱে চাকৰিৰ বিনিময়ত ধন বিচৰাৰ কথাটো স্বীকাৰ কৰে । লগতে গুৱাহাটী হাই কোৰ্টৰ অধিবক্তা দীপেন গগৈৰ হৈ ধন সংগ্ৰহ কৰিবলৈ অহা বুলি স্বীকাৰ কৰে । অৱশেষত ৰাইজে তুলসীবাৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰি প্ৰৱঞ্চকটোক আৰক্ষীক গতাই দিয়ে ।

বন্দনা শৰ্মা

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search