তীব্ৰ গ্ৰীষ্মপ্ৰবাহ! উৎকট গৰমৰ ফলত মৃত্যুমুখত পৰিছে শতাধিক হলৌ বান্দৰ । ভাৰতৰ লগতে বিশ্বৰ প্ৰায় সকলো দেশতেই গৰমে ধাৰণ কৰিছে তীব্ৰ ৰূপ।

0 minutes, 0 seconds Read

লেতিন আমেৰিকান দেশ মেক্সিকোতো গৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে। তীব্ৰ গৰম সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰিছে শতাধিক হলৌ বান্দৰ। জানিব পৰা মতে, যোৱা ৪ মে’ৰ পৰা ২৮ মে’ৰ ভিতৰত কমেও ১৫০ টা হলৌ বান্দৰৰ মৃত্যু হৈছে দেশখনত।

মেক্সিকোৰ টাবাস্কো ৰাজ্যত মৃত অৱস্থাত উদ্ধাৰ হৈছে কমেও ৮৩ টা হলৌ বান্দৰ। লগতে অসুস্থ অৱস্থাত উদ্ধাৰ হৈছে বহু হলৌ বান্দৰ।

পশু চিকিৎসক ডা. ছাৰ্জিঅ’ ভেলেনজুৱেলাই চিকিৎসা আগবঢ়োৱা , ‘বান্দৰ সমূহ সংকটজনক অৱস্থাত অনা হৈছিল। তেওঁলোক ডিহাইড্ৰেচন আৰু জ্বৰত আক্ৰান্ত হৈছিল। তেওঁলোকৰ হিটষ্ট্ৰ’ক হৈছিল।‘

উল্লেখ্য যে গৰমৰ ফলত মেক্সিকোত কমেও ২৬ জন লোকৰো মৃত্যু হৈছে। পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলে জনোৱা মতে, মানুহৰ উপৰিও শ শ হলৌ বান্দৰৰ গৰমৰ প্ৰকোপত মৃত্যুমুখত পৰিছে। বন্যপ্ৰাণী জীৱবিজ্ঞানী গিলবাৰ্ট’ প’জ’ৱে জনোৱা মতে, জ্বৰ আৰু ডিহাইড্ৰেচনত ভোগা বান্দৰবোৰ অচেতন হৈ আপেলৰ দৰে গছৰ পৰা সৰি পৰিছিল আৰু মুহূৰ্ততে মৃত্যুমুখত পৰিছল।

গৰম, খৰাং, বনজুই, খাদ্য আৰু পানীৰ অভাৱকে ধৰি কেইবাটাও কাৰণত বান্দৰবোৰৰ মৃত্যু হোৱা বুলি চিকিৎসক সকলে জানিব দিছে

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search