ড: ভূপেন হাজৰিকা দেৱৰ এটি অতি বিখ্যাত গীতৰ সৃষ্টিৰ অন্তৰালত থকা এক হৃদয় বিদাৰক কাহিনীৰ ।

0 minutes, 1 second Read

গীতটো হৈছে -‘তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ, এপাহী ৰজনী গন্ধা ‘ ।
তেতিয়া 70 দশকৰ কথা । যোৰহাট নগৰৰ তৰাজানত আয়োজন কৰা হৈছিল এখনি বৃহৎ বিহু সন্মিলন । এই সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মূখ্য আকৰ্ষণ আছিল দুজন অসমৰ বিখ্যাত গণশিল্পী, এজন সুধাকন্ঠ ড ভূপেন হাজৰিকা আৰু আনজন হৈছে বিশ্ব বিখ্যাত ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজা । যথা সময়ত আৰম্ভ হল সাংস্কৃতিক সন্ধিয়াৰ কাযসূচী । দুয়োজন গণশিল্পীয়ে সেইদিনা একেখন মঞ্চত অনুস্হান পৰিবেশনৰ দৃশ্য আছিল বিৰল । মঘাই ওজাৰ ঢোলবাদনে সেইদিনা ভূপেন হাজৰিকা দেৱকো তবধ মনালে । বিহু বলীয়া অসমীয়া ৰাইজৰ বিপুল দাবী আৰু সমৰ্থনত স্বয়ং ভূপেন হাজৰিকা দেবো তবধ মানি এটা সময়ত গোটেই মঞ্চ খনকে মঘাই ওজাক এৰি দিলে ।
ইয়াৰ পিছৰ কাহিনী শুনক========
====::::::::=========
সাংস্কৃতিক অনুস্হান শেষ হল পুৱতি নিশা চাৰে তিনি বজাত।সকলো ঘৰাঘৰি গলগৈ । নিজম পৰিল বিহুতলী । সেইদিনা ড ভূপেন হাজৰিকা দেৱ বিহুতলীৰ ওচৰতে থকা প্ৰখ্যাত চাহ খেতিয়ক বিভুচৰণ বৰুৱাৰ (লনীদা) ঘৰৰ অতিথি । ভূপেন দাও গৈ বৰুৱাৰ ঘৰত হাজিৰ । পুৱতি কিবা অলপ পাতলীয়া আহাৰ খাবলৈ বহোতেই সাউতকৈ হাজৰিকাদেৱ খোৱাৰ টেবুলৰ পৰা উঠি চোতাল পালেহি আৰু ড্ৰাইভাৰক গাড়ী পুনৰ বিহু তলীলৈ লৈ যাবলৈ কলে। নিৰ্দেশ মতেই গাড়ী গৈ পুনৰ বিহুতলীত উপস্থিত হলগৈ।নিজম পৰা বিহুতলীত তেতিয়া আছিল মাইকমেন সহ এজন লোক ।ভূপেন হাজৰিকা দেৱে সেই মূহুতত বিহু পেন্দেলৰ চাৰিওফালে বিচাৰি চলাথ কৰি থকা দৃশ্য দেখি মাইকমেন জনে দাদা কি বিচাৰিছে । আপোনাৰ কিবা বস্তু হেৰাল নেকি ?মাইকমেন জনক তেতিয়া হাজৰিকা দেবে অতি বিনয়েৰে কলে মই মঘাই ওজাক বিচাৰিছো । ফাংচনৰ পিছত তেওঁ কেনি গল মই গম নাপালো ।সেয়ে——–@@@—-।
মাইকমেনজনে তেতিয়া মঘাই ওজাক দেখুৱাই দিলেগৈ । বিহু মঞ্চৰ দুখন মান কাপোৰ গাত মেৰিয়াই পালি দুজনৰ সৈতে মঞ্চৰ এচুকত মঘাই ওজা মহৰ কামোৰখাই মাটিত শুই আছে । হাজৰিকা দেবৰ সেই দৃশ্য দেখি অন্তৰ গলি গল আৰু দুখত ভাগি পৰিল ।তেও ততালিকে ওজাক উঠালে আৰু নিজৰ গাড়ীৰে মঘাই ওজাক হাতীগড় নাওশলীয়া গাৱঁৰ ঘৰত থৈ গলহি। এজন গাৱলীয়া চহা লোকশিল্পীৰ এই অৱস্থাই হাজৰিকা দেৱক তীব্ৰ ভাবে ক্ষোভিত কৰি তুলিলে।বিহু সমিতি খনৰ দায়িত্ব আছিল ওজাদেৱক স-সম্মানেৰে অহাযোৱাৰ ব্যৱস্থা কৰাটো ।কিন্ত চহা ঢুলিয়া শিল্পী হোৱাৰ বাবেই মঘাই ওজাক অৱজ্ঞা কৰা হ’ল। এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰি মঘাই ওজাৰ ঘৰৰ পৰা উভতি যাওঁতেই এই চিৰযুগমীয়া গীতটি ৰচনা কৰিছিল। সমাজৰ এনে বৈষম্যৰ বাবেই এই গীতটি ৰচনা কৰা হৈছিল।

সংগ্ৰহঃ
নীলমণি বৰা, মূখ্য সম্পাদক, গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ, অসম।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search