আজি বিশ্ব পৰিবেশ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো “কলিয়াবৰ জিলা সাংবাদিক সন্থা”ই উদযাপন কৰে বিশ্ব পৰিবেশ দিৱস। কলিয়াবৰৰ ভিন্ন ৰাজহুৱা স্থানৰ লগতে কলিয়াবৰ মহকুমা প্ৰাঙ্গন, কলিয়াবৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্য্যালয় প্ৰাঙ্গন, কলিয়াবৰ আৰক্ষী নিবেশ প্ৰাঙ্গন, চুলুং তহলদাৰী আৰক্ষী চকী প্ৰাঙ্গনত পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টাৰে নিম, বকুল, কৃষ্ণ চুৰা, ৰাধাচুৰা কে ধৰি ভিন্ন প্ৰকাৰৰ সহস্ৰাধিক গছ পুলি ৰোপণ কৰে। কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ এই পদক্ষেপক সচেতন সকলো লোকে একে মুখে শলাগ লৈছে।
অনুপ বৰা।