ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ প্ৰয়াস লৈ যোৱা এক জুন তাৰিখে ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ধীৰাজ বিকাশ গগৈৰ প্লাষ্টিকৰ নাওঁ থমকি ৰব লগা হল ধনশিৰী মুখৰ বিশ কিলোমিটাৰ উজনিৰ ব্ৰহ্মপুত্ৰত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশত বনকৰ্মীয়ে বাধা প্ৰদান কৰে এই নাৱৰ যাত্ৰা । উজাই যোৱাৰ অৱকাশ নথকাত কাকূটি মিনতি কৰি নাওঁখন ধীৰাজ গগৈয়ে ধনশিৰী মুখলৈ আনি আজি AS 01RC 4394 নম্বৰৰ আলট্ৰা বাহনত তুলি লৈ আহে কলিয়াবৰৰ শিলঘাট জাহাজ ঘাটলৈ । শিলঘাট জাহাজ ঘাটৰ পৰা তিনি সহযোগী ৰ সৈতে ধীৰাজ বিকাশ গগৈয়ে প্লাষ্টিক বটলৰ নাৱৰে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি পুনৰ যাত্ৰা আৰম্ভ কৰে গুৱাহাটীলৈ । আগতীয়া অনুমতি নোলোৱাৰ অজুহাত ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বটলৰ নাওঁ কাজিৰঙা ব্ৰহ্মপুত্ৰৰ মাজৰে পাৰ হৈ যোৱাত বাধা প্ৰদান কৰা কাৰ্য্যত যথেষ্ট ক্ষুণ্ণ হয় প্ৰকৃতিপ্ৰেমী যুৱকজন । প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ প্ৰতি থকা আগ্ৰহ হঠাতে নোহোৱা হৈ পৰা বুলি মন্তব্য কৰিছে ধীৰাজ বিকাশ গগৈয়ে । ইপিনে শিলঘাটত উপস্থিত হোৱাৰ পাছত ধীৰাজ বিকাশ গগৈৰ দলটোক অসম সমবায় মৰাপাট কলৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনায় । ধীৰাজ বিকাশ গগৈৰ দলটোৰ প্ৰতি কাজিৰঙা কৰ্তৃপক্ষৰ নেতিবাচক দৃষ্টিভংগিক কলিয়াবৰীয়া ৰাইজে ধিক্কাৰ জনোৱাৰ লগতে দলটিৰ যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰে ।
কলিয়াবৰৰ পৰা অনুপ বৰা।