কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ আবাস গৃহৰ পৰা বঞ্চিত লোকৰ ক্ষোভ।

0 minutes, 0 seconds Read

পঞ্চায়তৰ দুৰ্নীতিৰ বাবেই প্ৰধানমন্ত্ৰীৰ আবাস গৃহৰ পৰা বঞ্চিত বৃহত্তৰ বৰঘূলী অঞ্চলৰ দৰিদ্ৰ লোকসকল।

উৱলি যোৱা আবাস গৃহতে দিন ৰাতি পাৰ কৰাৰ পিছতো প্ৰধানমন্ত্ৰী আবাস গৃহ লাভ নকৰিলে ৩ নং বৰঘূলীৰ একাংশ লোকে।

বৰঘূলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতি দৰিদ্ৰ পৰিয়ালৰ ছফিকুল ইছলামে পঞ্চায়তৰ পৰা এটা অনুদানৰ ঘৰ লাভ নকৰাত ক্ষোভ উজাৰে পঞ্চায়টোৰ বিৰুদ্ধে।

উল্লেখ্য যে পঞ্চায়ৰ সভাপতি গৰাকীয়ে নিজ খেয়াল খুচি মতেই অনুদানৰ আবাস গৃহ সমূহ নিৰ্মাণ কৰি আহিছিল ।

এই অভিযোগ ছফিকুল ইছলামৰ।

যদিও দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা ছফিকুলৰ লগতে ৩ নং বৰঘূলীৰ কেইবাটাও পৰিয়ালে লাভ নকৰিলে অনুদানৰ আবাস গৃহ। ফলত ভঙা ঘৰতে দিন ৰাতি পাৰ কৰিছে এইসকল লোকে।

কলিয়াবৰৰ পৰা অনুপ বৰা।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search