টকা লুণ্ঠনৰ আজিকালি নতুন নতুন পৰিকল্পনা ওলাইছে ৷ কিছুদিনৰ আগৰ ঘটনা ৷ ছচিয়েল মিডিয়াত মোৰ বন্ধু এজনৰ এগৰাকী যুৱতী এগৰাকীৰ সৈতে চিনাকি হ’ল ৷ যুৱতীগৰাকীৰ নাম ৰিংকি হাজৰিকা ৷ ঘৰ চন্দ্ৰপুৰত ৷ গুৱাহাটীৰ ব্যক্তিগত মেডিকেল এখনত কৰ্মৰত বুলি তাক কৈছিল লগত খানাপাৰাত ভাড়াত থাকে হেনো ৷ সাধাৰণভাৱে কথাবতৰা তাৰপাছত নম্বৰ আদানপ্ৰদান ৷ তাই তাক জনালে যে তাইৰ ব্ৰেকআপ হৈছে । সেই লৈ বহু কথাই তাক জনালে ৷ প্ৰায়ে কথাবতৰা হয় ৷ এদিন তাই তাক ক’লে যে তাইৰ প্ৰাক্তন প্ৰেমিকে তাইৰ বদনাম কৰি ফুৰিছে ৷ তাইৰ লগত সম্পৰ্কত থাকোতে তাইৰ নামত টকা খৰছ কৰিছিল সেইবোৰ কৈ ফুৰিছে ৷ বন্ধুজনে জনালে যে সম্পৰ্ক শেষ হোৱাৰ পিছত এচামে বদনাম কৰে ৷ গুৰুত্ব নিদিলে হ’ল ৷ কিন্তু তাই জনালে যে তাইৰ প্ৰাক্তন প্ৰেমিকে তাইক ফোন কৰি হত্যাৰ ভাবুকি দিছে ৷ মোৰ বন্ধুজনে তাইক ঘৰত জনাব দিলে লগতে পুলিচত জনাব দিলে ৷ পিছদিনা মোৰ বন্ধুজনক তাইৰ প্ৰাক্তন প্ৰেমিকে ফোন কৰিলে ৷ ৰিংকি হাজৰিকা মোৰ প্ৰেমিকা তাইৰ লগত কথা পাতিব মানা কৰিলে । কথাখিনি বন্ধুজনে তাইক জনালে ৷ তাই কৈছে সি মোৰ প্ৰেমিক নহয় ৷ নম্বৰটো ক’ত পালে সুধিলত তাই নাজানো বুলি ক’লে । মোৰ বন্ধুজনৰ সন্দেহ হ’ল ৷ দুদিনমান যোগাযোগ নাই ৷ তাৰপাছত এদিন কথা হ’ল তেতিয়া তাই জনালে যে তাই পেহীয়েকৰ ঘৰত আহিছে যে তাইৰ গা বেয়া ৷ মোৰ বন্ধুজনে সেইদিনাই ৰাতি ফোন কৰিলত তাইৰ প্ৰাক্তন প্ৰেমিকে ফোন ৰিচিভ কৰিলে ৷ কিবাকিবি কথা কোৱা হ’ল ৷ ৰাতিপুৱাই যুৱতীগৰাকীয়ে মেছেজ দিছে মোৰ বন্ধুজনক যে মোক বচোৱা ৷ টকা তিনিহাজাৰ দিয়া নহ’লে ই মোক মাৰি পেলাব ৷
মোৰ বন্ধুজনে নাটকখন জানিছে ইতিমধ্যে তাইৰ পেছা কি তাইৰ চৰিত্ৰ কি ৷
আচলতে টকা লুট কৰাৰ এইবোৰ নতুন কৌশল ৷ এনেদৰে মেছেজ ফোন কৰি নিজৰ দুখৰ কথা কৈ Sympathy ল’ব ৷ তাৰপাছত খেল খেলিব ৷ ৰিংকি হাজৰিকাৰ দৰে যুৱতী অজস্ৰ পাব ৷
ইমান অত্যাচাৰ কৰে যদি ব্ৰেকআপ হোৱাৰ পিছত তেন্তে প্ৰাক্তনৰ লগত কথাবতৰা কিয় ? ঘৰৰ মানুহ বা পুলিচক অৱগত নকৰাৰ কাৰণ কি ? গা বেয়া বাবে পেহীয়েকৰ ঘৰত গ’ল কিন্তু ৰাতি প্ৰাক্তন প্ৰেমিক ক’ৰ পৰা টপকিল ?
আচলতে একেলগে থাকে আৰু এইদৰে মানুহক আৱেগিক fool বনাই শেষত টকা বিচৰা আধুনিক ভিক্ষাৰী ষ্টাইল ৷ এইবোৰ সকলো নাটক ৷ টকা ঘটাৰ বাবে এইবোৰ নতুন কৌশল ৷ মানুহৰ আৱেগৰ লগত খেলি টকা আদায় কৰাৰ নতুন ব্যৱসায় ৷ এইবাবে সাৱধান এইবাবে সতৰ্ক থকাটো উচিত ৷
মোৰ বন্ধুজনে কথাখিনি জনোৱাত মই নিজেই আচৰিত যে মানুহ এনেকুৱাও থাকে নে । আৱেগিক নহ’ব সকলোতে অলপ চিন্তা কৰিও চাব শিকক…
কল্যান জ্যোতি ডেকা