এক সন্ধানী যাত্রা মুল মন্ত্ৰৰে ঘিলামৰাত শিক্ষা দানৰ লক্ষ্য ৰে ২০২২ বৰ্ষত স্থাপিত হোৱা ঘিলামৰা সংকল্প একাডেমীৰ তৃতীয় বাৰ্ষিক নৱাগত আদৰণি অনুষ্ঠানটি দিন যোৰা কাৰ্য্য সুচী ৰে সামৰণি পৰে।কাৰ্য্য সুচী অনুসৰি ঘিলামৰা কৃষ্টি ভৱনৰ চৌহদত
পুৱা ভাগতে একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ অধ্যক্ষ লক্ষী কান্ত শৰ্মাই। বন্তি প্ৰজ্বলন কৰে একাডেমী তত্ত্বাবধায়ক ইন্দিবৰ বুঢ়া গোহাঞিয়ে।
ঘিলামৰাৰ কৃষ্টি ভৱনৰ নতুন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুল অনুষ্ঠানত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণিলৈক শিক্ষা দান কৰা শিক্ষা প্রতিষ্ঠান খনত ২০২৪ বৰ্ষত ষষ্ঠ শ্রেণী পৰা একাদশ শ্রেণীত নতুনকৈ নামভৰ্তি কৰা নৱাগত সকলৰ আদৰণি অনুষ্ঠানৰ পিছতেই পৰিবেশন কৰা হয় শিক্ষা প্রতিষ্ঠান খনৰ ন-পুৰনি ছাত্র ছাত্রী সকলৰ অন্তৰংগ আলাপত ছাত্র ছাত্রী সকলে ভিন্ন স্বাদৰ গীত নৃত্য পৰিৱেশনে অনুষ্ঠানটি জীপাল কৰি তোলে।
কাৰ্যক্ৰমত নৱাগত সকলৰ কাৰ্যকলাপৰ পৰা কৃষ্ণ বৰা আৰু গীতালি চুতীয়াক এই বৰ্ষৰ
শ্ৰেষ্ঠ নৱাগত হিচাপে নিৰ্বাচিত কৰা হয়। আনহাতে দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাখনত সভাপতিত্ব কৰে সংকল্প একাডেমীৰ অধ্যক্ষ লক্ষী কান্ত শৰ্মাই। লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্রী মঞ্জু বৰগোঁহায়ে মুকলি সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। সভাখনত নিদির্ষ্ট বক্তা হিচাপে অংশগ্রহণ কৰে ঢকুৱাখনা মহাবিদ্যালয় ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈ, ব্ৰিলিয়েন্ট একাডেমী উত্তৰ লখিমপুৰৰ বিষয় শিক্ষক টমক ৰঞ্জন দত্তই ছাত্র ছাত্রী সকলৰ লগতে উপস্থিত থকা অভিভাৱক সকলৰ উদ্দেশি নিদান মুলক বক্তব্য প্ৰদান কৰে।তাত্ত্বিক, নাট্য কাৰ, বক্তা টমক ৰঞ্জন দত্তই মাংগলিক প্ৰাৰ্থনা পৰিবেশেনে এক দিঘলীয়া আধ্যাত্মিকতা ৰসেৰে পূৰ্ণ বক্তব্য প্ৰদান কৰে। আনহাতে আমন্ত্রিত অতিথি হিচাপে অংশগ্রহণ কৰে কলিতা গাৱঁৰ সমাজ কৰ্মী দেবেন ফুকন, ঘিলামৰা ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰমেশ পেটেল, অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী প্ৰসাদ শইকীয়া ই চমু বক্তব্য প্ৰদান কৰে।
সংকল্প একাডেমীৰ তত্ত্বাবধায়ক ইন্দিবৰ বুঢ়া গোহাঞি ,উপাধ্যক্ষা নিজৰা ভৰালী ,শিক্ষক মিন্টু ফুকনে আঁত ধৰা অনুষ্ঠানত একাডেমীৰ ছাত্র ছাত্রী সকলে সমবেত সংগীত, সত্ৰীয়া নৃত্য, আহোম জন গোষ্ঠী য় নৃত্য
সৃষ্টিমূলক নৃত্যকে ধৰি কেইবাটাও বিচিত্রা অনুষ্ঠানেৰে অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে।
বিশ্বজিৎ কোঁচ