সৰ্পদংশনত এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যুই উদঙালে দৰং জিলাৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ।

0 minutes, 2 seconds Read

এগৰাকী কণমানি ছাত্ৰীক মৃত্যুৰ পৰা বচাবলৈ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ফুৰিও নাপালে প্ৰয়োজনীয় চিকিৎসা।

ছিপাঝাৰৰ ঘাৰোৱা-সোনাপুৰৰ প্ৰিন্সি চহৰীয়া নামৰ এগৰাকী ৯ বছৰীয়া ছাত্ৰীয়ে চিকিৎসাৰ অভাৱতে মৃত্যু হল ।

স্থানীয় লোকৰ অভিযোগ, চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হয় কণমানিজনীৰ।

উল্লেখ্য যে, দুপৰীয়া আইতাকৰ সৈতে পিৰালিত বহি থকা সময়তে দংশন কৰিছিল অচিনাক্ত বিষাক্ত সাপে।

ইয়াৰ পিছতে অভিভাৱকে লৈ যায় ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ।

তাতে চিকিৎসকে ছাত্ৰীগৰাকীক এটি TT বেজী দি, ভাল হ’ব বুলি কয় আৰু ঘৰলৈ যাব দিয়ে

ইয়াৰ এঘন্টামান পিছতে কিশোৰী গৰাকী অসুস্থ হৈ পৰাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়ে।

কিন্তু মঙলদৈত এটি এণ্টিভেনম প্ৰয়োগ কৰি, বাকী চিকিৎসা উপলব্ধ নহয় বুলি প্ৰেৰণ কৰে GMCH লৈ।

কিন্তু বাটতে অচেতন হৈ পৰাত ৰোগীক বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি কোৱাত কিংকৰ্তব্যবিমূঢ় হৈ অভিভাৱকে ঘৰলৈ লৈ আহে কিশোৰী গৰাকীৰ মৃতদেহ

ইয়াৰ পিছতো পুণৰ নিশ্চিত হ’বৰ বাবে লৈ যোৱা হয় GMCH লৈ, য’ত ইতিমধ্যেই প্ৰিন্সিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।

ভবেশ কলিতা

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search