নিয়া’ই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বীট দিলে।১৪ ডিচেম্বৰত সংঘটিত এই ঘটনাত
অভিযুক্ত কৰি তিতাবৰৰ দীপাংকৰ গগৈক যোৰহাট আৰক্ষীয়ে ধৰি আনি অমানুষিক নিৰ্যাতন চলাইছিল।চফল ডেকা দীপাংকৰে অসম পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ সাজু হৈছিল।পুৱা শাৰীৰিক অনুশীলন কৰি থাকোতেই পুলিচে তেওঁক বাৰে বাৰে ধৰি আনে। অবিৰাম হাৰাশাস্তি, আসুৰিক নিৰ্যাতনৰ সন্মুখীন হল দীপাংকৰ।লাজে অপমানে জৰ্জৰিত দীপাংকৰে নিজৰ সকলো সপোন এৰি ২৬ডিচেম্বৰত আত্মহত্যা কৰে।
কালি নিয়া’ই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বীট দিলে। চাৰ্জশ্বীটত আলফাৰ নেতাকে ধৰি বিভিন্ন জনৰ নাম আছে, তাত তিতাবৰৰ দীপাংকৰ গগৈৰ নাম নাই।
ভুৱা গোচৰ তৰি অকথ্য নিৰ্যাতনৰে এজন নিৰ্দোষী অসমীয়া যুৱকক মৃত্যুৰ মুখলৈ থেলি দিয়াৰ বাবে মই তদানীন্তন যোৰহাটৰ এছ পি মোহনলাল মীনাৰ গ্ৰেপ্তাৰ দাবী কৰিলো।
( ছবিত দুৰ্ভাগীয়া দীপাংকৰ গগৈ)