আপুনি মই আইচক্ৰীম খাই ভাল পাওঁ। কিন্তু এই আইচক্ৰীমৰ নামত আমি কেৱল খাইছো বৰবিহ। সোণাপুৰত আইচক্ৰীমৰ নামত চলিছে এখন বৰবিহৰ বজাৰ। সোণাপুৰৰ বাৰঘৰীয়াত থকা এটা আইচক্ৰীম ফেক্টৰিত এইবাৰ অভিযান চলালে দণ্ডাধীশে। এক ৰাজহুৱা অভিযোগৰ ভিত্তিত সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়াই আজি অভিযান চলায় মেচাৰ্চ আব্দুছ চাত্তাৰ আহমেদ আই ফেক্টৰি নামৰ আইচক্ৰীম ফেক্টৰিটোত। ২০১৪ চনতে ফেক্টৰিৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱা এই ফেক্টৰিটোত এক লেতেৰা কদৰ্যময় পৰিৱেশৰ মাজত তৈয়াৰ হয় আইচক্ৰীম সমূহ। অকল এইয়াই নহয় আইচক্ৰীম সমূহ জমা কৰি ৰখা ফ্ৰিজৰ ভিতৰত মাছ ভৰাই থোৱাও দেখা পায় দণ্ডাধীশ গৰাকীয়ে। ইতিমধ্যে দণ্ডাধীশ গৰাকীয়ে আইচক্ৰীম বনোৱাত ব্যৱহাৰ হোৱা সামগ্ৰীৰ লগতে পানীৰ নমুনা সংগ্ৰহ কৰি খাদ্য সুৰক্ষা বিভাগৰ বিষয়টো অৱগত কৰিছে। এক কদৰ্যময় পৰিৱেশৰ মাজত তৈয়াৰ কৰা এই আইচক্ৰীম ফেক্টৰিটোৰ স্বত্বাধিকাৰ জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে।
সোণাপুৰৰ পৰা আৰফান আলী