শুৱালকুছিৰ ডেকা সত্ৰাধিকাৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰশিক্ষণ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি ডাঃ কাৰ্তিক চন্দ্ৰ মেধিয়ে , বন্তি প্ৰজ্বলন কৰে ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱলোচন সন্তই ৷ ডেকা সত্ৰাধিকাৰ সোণেশ্বৰ আতৈ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক নিত্যানন্দ নাথে আঁত ধৰা অনুষ্ঠানত শুভাৰম্ভ কৰি দিয়া ভাষণত ডাঃ কাৰ্তিক চন্দ্ৰ মেধিয়ে কয় যে চৰকাৰে […]
অহা ৬ জুলাই, ২০২৪ শনিবাৰে শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামে অসমৰ বিখ্যাত ইতিহাসবিদ ড° সূর্য্যকুমাৰ ভূঞাৰ ৬০ তম্ স্মৃতি দিৱস উপলক্ষে ইতিহাস বিষয়ক দুটা বিশেষ বক্তৃতাৰ আয়োজন কৰা হৈছে। “মহাৰাজ পৃথু আৰু তেওঁৰ বীৰত্ব” শীৰ্ষক বক্তৃতাটো প্ৰদান কৰিব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ হিষ্টৰীকেল ষ্টাডিজৰ সহযোগী অধ্যাপক ড° ৰক্তিম পাটৰে। আনহাতে ‘শৰাইঘাট-আলাবৈ ৰণত কামৰূপৰ ভূমিকা’ শীর্ষক বক্তৃতাটো […]
আপুনি মই আইচক্ৰীম খাই ভাল পাওঁ। কিন্তু এই আইচক্ৰীমৰ নামত আমি কেৱল খাইছো বৰবিহ। সোণাপুৰত আইচক্ৰীমৰ নামত চলিছে এখন বৰবিহৰ বজাৰ। সোণাপুৰৰ বাৰঘৰীয়াত থকা এটা আইচক্ৰীম ফেক্টৰিত এইবাৰ অভিযান চলালে দণ্ডাধীশে। এক ৰাজহুৱা অভিযোগৰ ভিত্তিত সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়াই আজি অভিযান চলায় মেচাৰ্চ আব্দুছ চাত্তাৰ আহমেদ আই ফেক্টৰি নামৰ আইচক্ৰীম ফেক্টৰিটোত। ২০১৪ চনতে ফেক্টৰিৰ অনুজ্ঞাপত্ৰৰ […]
নিয়া’ই যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ চাৰ্জশ্বীট দিলে।১৪ ডিচেম্বৰত সংঘটিত এই ঘটনাতঅভিযুক্ত কৰি তিতাবৰৰ দীপাংকৰ গগৈক যোৰহাট আৰক্ষীয়ে ধৰি আনি অমানুষিক নিৰ্যাতন চলাইছিল।চফল ডেকা দীপাংকৰে অসম পুলিচৰ চাকৰিৰ বাবে পৰীক্ষা দিবলৈ সাজু হৈছিল।পুৱা শাৰীৰিক অনুশীলন কৰি থাকোতেই পুলিচে তেওঁক বাৰে বাৰে ধৰি আনে। অবিৰাম হাৰাশাস্তি, আসুৰিক নিৰ্যাতনৰ সন্মুখীন হল দীপাংকৰ।লাজে অপমানে জৰ্জৰিত দীপাংকৰে নিজৰ সকলো সপোন এৰি […]
গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যাল খেল পথাৰত অনুষ্ঠিত তিনিদিনীয়া ৰঙালী মহোৎসৱত শুৱালকুছিৰ কবি কৃষ্ণ টেলি মেডিচিন কেয়াৰে অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। মূলত কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগী সকলৰ কল্যাণৰ বাবে গঠন কৰা এই অনুষ্ঠানটোয়ে কেঞ্চাৰত আক্ৰান্ত ৰোগী সকলৰ দ্বাৰা মুগা বস্ত্ৰ উৎপাদন কৰাই বজাৰত বিক্ৰী কৰা আৰু মুগা লেটাৰ পৰা সূতা বোৱা […]
এগৰাকী কণমানি ছাত্ৰীক মৃত্যুৰ পৰা বচাবলৈ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰি ফুৰিও নাপালে প্ৰয়োজনীয় চিকিৎসা। ছিপাঝাৰৰ ঘাৰোৱা-সোনাপুৰৰ প্ৰিন্সি চহৰীয়া নামৰ এগৰাকী ৯ বছৰীয়া ছাত্ৰীয়ে চিকিৎসাৰ অভাৱতে মৃত্যু হল । স্থানীয় লোকৰ অভিযোগ, চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হয় কণমানিজনীৰ। উল্লেখ্য যে, দুপৰীয়া আইতাকৰ সৈতে পিৰালিত বহি থকা সময়তে দংশন কৰিছিল অচিনাক্ত বিষাক্ত সাপে। ইয়াৰ পিছতে অভিভাৱকে লৈ যায় […]
☞ ড° ভূপেন হাজৰিকা ৷ আজি ২০ জুন (১৯৬৯ চন) পুৱা পাঁচ বাজিছে । গুৱাহাটীৰ আমাৰ নিজৰাপাৰৰ বাসস্থানত বহি লিখি আছোঁ ।কালি নিশা মই ৰাভাদেৱক চাবলৈ তেজপুৰলৈ যাম বুলি স্থিৰ কৰিছোঁ মাত্ৰ । মটৰখনৰ টায়াৰ ফুটিথাকিল ! ভাবিলোঁ পুৱাতে যামগৈ ।এতিয়া এইমাত্ৰ গম পালোঁ ট্ৰাংক কল যোগে যে কালি নিশা ২ বজাত ৰাভাদেৱে চিৰদিনৰ বাবে […]
শিলাদিত্য চেতিয়াৰ কাহিনী আচলতে আজিৰ নিসংগ অসহায় আধুনিক মানুহৰ কাহিনী। কিন্তু আনহাতে ই দুগৰাকী স্বামী স্ত্ৰীৰ প্ৰেম আৰু বন্ধনৰো দুৰ্লভ নিদৰ্শন।আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ পিতৃ মাতৃৰ পূৰ্বেই মৃত্যু হৈছিল। সন্তান নাছিল। চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী যি দীৰ্ঘ দিন জটিল ৰোগত আক্ৰান্ত। আজি বেছ কিছুদিন তেওঁ হাস্পতালত চিকিৎসাধীন। চৰকাৰী গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি থকা চেতিয়াই […]
এক সন্ধানী যাত্রা মুল মন্ত্ৰৰে ঘিলামৰাত শিক্ষা দানৰ লক্ষ্য ৰে ২০২২ বৰ্ষত স্থাপিত হোৱা ঘিলামৰা সংকল্প একাডেমীৰ তৃতীয় বাৰ্ষিক নৱাগত আদৰণি অনুষ্ঠানটি দিন যোৰা কাৰ্য্য সুচী ৰে সামৰণি পৰে।কাৰ্য্য সুচী অনুসৰি ঘিলামৰা কৃষ্টি ভৱনৰ চৌহদতপুৱা ভাগতে একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ অধ্যক্ষ লক্ষী কান্ত শৰ্মাই। বন্তি প্ৰজ্বলন কৰে একাডেমী তত্ত্বাবধায়ক ইন্দিবৰ বুঢ়া গোহাঞিয়ে।ঘিলামৰাৰ কৃষ্টি ভৱনৰ […]
নিজৰ কৰ্মৰ দ্বাৰা বিশ্বসভাত প্ৰতিষ্ঠিত হ’বলৈ মাতৃভাষা হেঙাৰ হ’ব নোৱাৰে ৷ বিশিষ্ট পৰিবেশ কৰ্মী পদ্মশ্ৰী যাদৱ পায়েঙৰ উদাহৰণেৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্বোদ্ধ কৰি এই মন্তব্য উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° তাৰিণী কান্ত হালৈৰ ৷অসম সাহিত্য সভা আৰু কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা -ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উদ্যোগত মদাৰতলা সাদৰী (শতদল) শাখা সাহিত্য […]