এখন ধনী গাঁৱৰ কাহিনী যত প্ৰতিটো পৰিয়ালে কোটিপতি ।ছিমলাৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছিয়াৰ মহাদেশৰ আটাইতকৈ ধনী গাঁও এইখন । নাম মাদাভাগ (Madavag Village) । এই গাওঁখনৰ লোকৰ জীৱনশৈলী দেখিলে আচৰিত হ’ব আপুনি । কাৰণ গাঁওখনৰ বাসিন্দাসকলৰ বিলাসী ঘৰ আৰু দামী বাহন দেখি আপুনি ভাবিব নোৱাৰে যে তেওঁলোকৰ জীৱিকা খেতি। ২৩০টা পৰিয়াল থকা এই গাঁওখনৰ সৌভাগ্য কঢ়িয়াই আনিছে উদ্যান শস্যৰ খেতিৰেই। গাওঁখনৰ বাসিন্দাসকলে বছৰি ১৭৫ কোটি টকাৰ আপেল বিক্ৰী কৰে। গতিকে গাঁওখনৰ প্ৰতিজন কৃষক কোটিপতি। গাঁওখনৰ কৃষক পৰিয়ালসমূহৰ বাৰ্ষিক আয় ৩৫ৰ পৰা ৮০ লাখ টকা। এই কাৰণেই এতিয়া এই গাঁওখন এছিয়াৰ আটাইতকৈ চহকী গাঁও (Asia Richest Village) হিচাপে স্বীকৃতি লাভ কৰিছে।মাদাভাগৰ কৃষকসকলে প্ৰথমে আলু খেতি কৰিছিল যদিও ১৯৫৩-৫৪ চনত ৰাম মেহতা নামৰ গাওঁখনৰ এজন বাসিন্দাই পৰীক্ষামূলকভাৱে কৰি চাইছিল আপেলৰ খেতি । পৰৱৰ্তী সময়ত ৰাম মেহতাই ভাল ফলাফল লাভ কৰাত আন খেতিয়কসকলেও আৰম্ভ কৰে আপেল খেতি। লাহে লাহে সকলোৱে ইয়াত আপেল খেতি কৰিবলৈ ধৰিলে। ২০০০ চনৰ পিছত মাদাভাগৰ আপেলে দেশত স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান আধুনিক কৌশলেৰে আপেলৰ খেতি কৰে প্ৰতিজন কৃষকেই। আৰু এই খেতিৰেই এতিয়া গাঁও খনৰ প্ৰতিজন খেতিয়ক হৈ পৰিছে কোটি পতি