মঙলদৈত আকৌ সমাজে এঘৰীয়া কৰিলে ১৪ টা পৰিয়ালক
। মঙলদৈ চহৰৰ নিকটৱৰ্তী ১ নং মেধিপাৰা গাওত সংঘটিত হৈছে আন এক নাভূট নাশ্ৰুত ঘটনা
।বহাগ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবে গাওৰ সমাজ তথা খেলে অস্পৃশ্য বুলি ঘোষনা কৰিলে ১৪ পৰিয়ালক ।
ৰাজহুৱা অনুষ্ঠানত অংশ গ্ৰহণৰ লগতে বিহু , ফাকুৱাতো অংশগ্ৰহণ কৰাৰ পৰা বাৰণ কৰিলে পৰিয়াল কেইটাক । আনকি দিন হাজিৰ কৰি পেট প্ৰৱৰ্তন কৰা লোককো কাম কৰাত বাধা প্ৰদান কৰা হয় ।
এই ঘটনাত কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
উল্লেখযোগ্য যে গাঁওখনৰ মিলন ডেকা নামৰ লোকজনে যোৱা মাঘ মাহত শংকৰ দেৱৰ এক শৰণ হৰি নাম ধৰ্মৰ পৰম্পৰাৰে বিবাহ পতা নিজ মামাকৰ লৰাৰ বিয়ালৈ গৈছিল ।
তেতিয়াৰ পৰা মিলনক সমাজে এঘৰীয়া কৰে ।
পুনৰ এইবাৰ বহাগ বিহুৰ সময়ত নিৰ্বাচনৰ দিনা (২৬ এপ্ৰিল ) মিলনে বন্ধু বান্ধৱৰ লগতে শহুৰৰ পৰিয়াল , খুৰাক আৰু পেহিয়েকক ভাত খাবলৈ মাতে ।
কেবল বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি মিলনৰ ঘৰত ভাত খোৱাৰ বাবেই গাওখনৰ খেল বা সমাজৰ মুৰব্বীয়ে আটাই কেইটা পৰিয়ালক এঘৰীয়া কৰে।
এতিয়া এই বিভাজন আৰু
মানসিক নিৰ্জাতনৰ বাবে পৰিয়াল কেইটাই প্ৰশাসনৰ পৰা ন্যায় বিছাৰিছে ।
ভবেশ কলিতা