ৰঙিয়াৰ ৰাইজ মেল কৃষক শ্বহীদ ভৱনত আজি প্ৰয়াত মন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।ৰাতিপুৱাৰে পৰা বিভিন্ন ঠাইৰ পৰা অহা বহুতো গুণমুগ্ধয় ৰঙিয়াৰস্থিত ৰাইজ মেল কৃষক শ্বহীদ ভৱনত উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবি মাল্য-অৰ্পণ কৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে এখন স্মৃতি চাৰণ সভাৰো আয়োজন কৰা হয়। সভাখনৰ প্ৰাক-মুহূৰ্তত প্ৰয়াত থানেশ্বৰ বড়োৰ একমাত্ৰ কন্যা শশী প্ৰভা বড়োৱে পিতৃৰ স্মৃতি সুঁৱৰি দিয়া ভাষণে সকলোকে আৱেগিক কৰি তোলে । স্মৃতি চাৰণ সভাখনত উদ্বোধনী ভাষণ ৰাখে সাংসদ ভূৱনেশ্বৰ কলিতাই। সাংসদ কলিতাই প্ৰয়াত থানেশ্বৰ বড়োৰ বিশাল ব্যক্তিত্বৰ ওপৰত বক্তব্য ৰাখে । সভাত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োয়ে অসম – তথা ৰঙিয়াৰ মহৎ কাম কাজৰ জৰিয়তে দি থৈ যোৱা অৱদান সমূহৰ কথা দোহাৰে অনুষ্ঠানটোত উপস্থিত থকা ৰাইজে । আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্য সভাৰ সংসদ ভুৱেনেশ্বৰ কলিতা , ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা , সমাজকৰ্মী নৰেন্দ্ৰ শৰ্মা, পবিন কলিতা , জ্যোতিৰ্ময় কলিতা, আব্দুল জব্বৰ, পৱিত্ৰ কলিতা , পাৰ্থ ফুকন মহন্ত,নুৰুল আমিন ,কামৰূপ জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰকাশ ডেকাকে আদি কৰি বহু গন্য মান্য লোক উপস্থিত থাকে । ৰঙিয়াৰ প্ৰায় ৪০ টা সংগঠনৰ বিষয় ববীয়া সকলে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।