বাণিজ্য বীৰ সদাগৰ ভোলানাথ বৰুৱা, বাণিজ্য দিৱস আৰু বাণিজ্য শিক্ষাৰ প্ৰাসংগিকতা

0 minutes, 18 seconds Read

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ঠিকেই কৈছিল, “আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম । সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গ’ম ।” কাৰণ স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ এজন প্ৰতাপী ব্যৱসায়ী অসম সন্তান, যাক জ্ঞানদাভিৰাম বৰুৱাই বাণিজ্য বীৰ হিচাপে অভিহিত কৰিছে, সেই জনৰ বিষয়ে আমি কিমান জানোঁ বা কিমানে তেখেতক স্মৰণ কৰোঁ ? যিজন ব্যক্তিয়ে তেখেতৰ জীৱনৰ সমস্ত কষ্টোপাজিত ধন দান কৰি থৈ গৈছিল। জীয়াই থাকোঁতে টো বিভিন্ন উন্নয়নমূলক কামত দান কৰিছিল আৰু মৃত্যুৰ পিছত টো উইল যোগে সমস্ত স্হাৱৰ অস্থাৱৰ সম্পত্তিৰ দান কৰি থৈ গৈছে। তেৱেঁই ১৯২২ চনত ভাৰতলৈ প্ৰিন্স অৱ ৱালচৰ আগমনৰ সময়তে ব্ৰিটিছ চৰকাৰক ১ লাখ টকাৰ ন্যাস গঠন কৰি দি যোৰহাট চহৰত “প্ৰিন্স অৱ ৱালচ”ৰ নামেৰে, বৰ্তমান ‘পাৱেট’ নামেৰে জনাজাত, এখন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান গঢ় দিছিল। আজিৰ হিচাপত সেই টকাৰ মূল্য প্ৰায় এশ কোটি টকাৰ অধিক হ’ব । এইজন দূৰদৰ্শী ব্যক্তিয়ে অসমৰ নৱপ্ৰজন্ম ই যাতে কাৰিকৰী শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে, তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। সেই সময়ত অসমত গঢ়ি উঠা চাহ বাগান বোৰত যাতে আমাৰ ল’ৰাই ফিটাৰ, কাৰ্পেনটাৰ, মেকানিক আদিৰ কাম পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিংশ শতিকাৰ দ্বিতীয় দশকতে নগাঁৱৰ শিলঘাটত এক লাখ টকাৰ ব্যয়েৰে তেখেতে এখন টেকনিকেল স্কুল স্হাপন কৰিছিল। মৃত্যুৰ পিছত ইচ্ছাপত্ৰ যোগে তেখেতৰ সমস্ত কষ্টোপাৰজিত কোটি কোটি টকাৰ সম্পদ অসম চৰকাৰক প্ৰাথমিক শিক্ষাৰ উন্নয়নৰ বাবে আগবঢ়াইছিল । সেইকাৰণে তেখেত এজন দানবীৰ হিচাপে ও খ্যাত। সেই গৰাকী ব্যক্তিয়েই হ’ল বাণিজ্য বীৰ, দানবীৰ সদাগৰ ভোলানাথ বৰুৱা। সদাগৰ ভোলানাথ বৰুৱাই অকল যে অসমৰ বাবে দান বৰঙণি আগবঢ়াইছিল এনে নহয়; বিশাখাপট্টনমৰ কিং জৰ্জ হস্পিতালৰ বাবে তেতিয়াই তেওঁ ৩৫ হাজাৰ টকা, ঝাৰগুডাত টেকনিকেল ডিচপেনচেৰীৰ বাবে ১০ হাজাৰ টকা, কলিকতাৰ বালিগঞ্জৰ ছোৱালী হাইস্কুলৰ বাবে ৫ হাজাৰ টকা, চিমলা কলেজ আৰু মুৰ্ছিদাবাদ কলেজৰ বাবে ক্ৰমে চিমলা আৰু মুৰ্ছিদাবাদৰ থকা নিজৰ বাসগৃহকে দান কৰি থৈ গৈছে । কাশী বিশ্ববিদ্যালয়ত অসমীয়া ছাত্র-ছাত্ৰীৰ জলপানিৰ বাবে ১ লাখ ২০ হাজাৰ টকাৰ ন্যাস গঠন কৰিছিল এইজনা মহান ব্যক্তিয়ে। পাছলৈ এই জলপানি বি: বৰুৱা স্কলাৰশ্বিপ নামে জনাজাত হৈছিল। চি: এচ: আৰ: (Corporate Social Responsibility) অথাৎ বৰ্তমান সময়ত যৌথ কোম্পানীসমূহে বাধ্যতামূলকভাবে পালন কৰিবলগীয়া কোম্পানীৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে তেখেতে তেতিয়াই অনুধাৱন কৰিব পাৰিছিল । সদাগৰ ভোলানাথ বৰুৱাই ১৮৯০ চনত কলিকতা প্ৰথম ‘বি. ব্ৰাদাৰ্ছ’ নামে কোম্পানী এটা খুলি ব্যৱসায় জগতৰ পাতনি মেলিছিল। তেতিয়াই তেওঁ ব্ৰিটিছৰ‌লগত সমানে সমানে ফেৰ মাৰি ব্যৱসায়ৰ সাম্ৰাজ্যৰ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰথমে ব্ৰিটিছ চৰকাৰক ৰেলৰ শ্লীপাৰ যোগান ধৰাৰ ব্যৱসায়ৰে আৰম্ভ কৰি, পাছলৈ অসমত বাণিজ্য বীৰ, বেংগলত টিম্বাৰ প্ৰিন্স, উৰিষ্যাত জুট মাৰ্চেন্ট হিচাপে খ্যাত সাউদ ভোলানাথ বৰুৱাই সেই সময়ত কিহৰ ব্যৱসায় কৰা নাছিল । উত্তৰ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে তেওঁ ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়ি উঠিছিল।‌১৯০৮ চনত ইংলেণ্ডলৈ গৈ ৰাণীৰ পৰা কৌশলৰে হীৰা হাৰ উপহাৰ দি ভাৰতত ৰেলৰ লাইন বহুৱা’ৰ নিবিদা লাভ কৰিছিল। সেই বাবেই তেওঁ বাণিজ্য বীৰ। উনৈশ শতিকাৰ শেষৰ ভাগৰ আৰু কুৰি শতিকাৰ প্ৰথম ভাগৰ অসমৰ সমাজ জীৱনৰ উন্নয়ন আৰু উত্তৰণৰ ভূমিকা পালন কৰা জ্ঞানদাভিৰাম বৰুৱাই তেখেতক সেইবাবে বাণিজ্য বীৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। সাউদ বা সদাগৰ ভোলানাথ বৰুৱাৰ ১৮৫৩ চনৰ ১৩ আহিনত নগাওঁৰ পুৰণিগুদামত প্ৰখ্যাত খৰঙী বৰুৱাৰ বংশত জন্ম গ্ৰহণ কৰিছিল যদিও দেউতাক মৌজাদাৰ ঘনশ্যাম বৰুৱাৰ মৃত্যু পাছত আৰ্থিক বিপৰ্য্যয়ৰ সন্মুখীন হৈছিল। বহু কষ্টেৰে প্ৰায় আঠ মাইল পথ খোজ কাঢ়ি আহি তেওঁ নগাঁৱত চৰকাৰী স্কুলত ষষ্ঠ মান শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পাছত তেওঁ গুৱাহাটীত থকা তেওঁৰ পেহায়ক হাবিৰাম বৰুৱাৰ ঘৰত থাকি গুৱাহাটী কলেজিয়েট স্কুলৰ পৰা এণট্ৰেন্স পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ইয়াত তেওঁৰ শিক্ষাজীৱন সমাপ্ত কৰিবলৈ বাধ্য হৈছিল। শিক্ষা জীৱন শেষ কৰি তেওঁ প্ৰথমে “বৰুৱা এণ্ড ফুকন কোম্পানী” ত চাকৰি কৰিবলৈ লয় । এই কোম্পানী আছিল তেওঁৰ পেহায়কৰ ল’ৰা মানিক চন্দ্ৰ বৰুৱা আৰু আনন্দৰাম ঢেকীয়াল ফুকনেৰ পুত্ৰ অন্নদাৰাম ফুকনৰ । প্ৰথমে “বৰুৱা এণ্ড ফুকন কোম্পানী”ত ৩০ টকা মাহিলি দৰমহাতে চাকৰি আৰম্ভ কৰি পিছলৈ নিজৰ যোগ্যতা বলত মেনেজা হয় । সেই কোম্পানীটো কাঠৰ ব্যৱসায়ৰ লগত জড়িত আছিল আৰু কোম্পানীটোৰ এখন জাহাজো আছিল । কাঠৰ কাম-কাজ চোৱা-চিতা কৰাৰ বাবে সদাগৰ ভোলানাথ বৰুৱা, অৱশ্যে তেতিয়া তেওঁ সদাগৰ হোৱাই নাছিল, তেওঁ গাৰো পাহাৰত থাকিবলগীয়া হৈছিল। কিন্তু তেতিয়া গাৰো পাহাৰত ক’লা জ্বৰে মহামাৰীৰ ৰূপ লোৱাত আৰু সেই মহামাৰীত অন্নদাৰাম ফুকনৰ মৃত্যু হোৱাত লগতে জাহাজ পানীত ডুবাৰ ফলত বৰুৱা-ফুকন কোম্পানীটো বন্ধ হৈ যায়। ১৮৯০ চনত দুচকুত সপোন লৈ পেহীয়েকৰ পৰা ৫০০ টকা ধাৰ লৈ তেওঁ কলিকতালৈ আহি কাঠৰ ব্যৱসায়ৰ অভিজ্ঞতা থকাৰ বাবে প্ৰথমে কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিল । সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে প্ৰথমে কলিকতালৈ আহি সাউদ ভোলানাথ বৰুৱাৰ কোম্পানীত কাম কৰিছিল আৰু একেলগে বেপাৰ বাণিজ্য কৰিছিল। ১৯২৩ চনৰ ৩০ মে’ তাৰিখে ৭০ বছৰ বয়সত কলিকতাৰ হাওৰাত এই মহান দানবীৰ অসমীয়া ব্যৱসায়ীজনৰ পৰলোক প্ৰাপ্তি হয় । আচলতে তেখেত আমি যেনেদৰে সন্মান দিব লাগিছিল তেনেদৰে দিব পৰা নাই। অসমত জন্ম গ্ৰহণ কৰাৰ বাবেই হয়তো তেওঁ এই প্ৰাপ্যৰ পৰা বঞ্চিত হ’ল। কাৰণ আজিলৈকে তেওঁ এখন পুৰ্ণাংগ জীৱনী প্ৰকাশ হোৱা নাই। তেখেতৰ প্ৰথমখন জীৱনী প্ৰকাশ পাইছিল ১৯৯৩ , যিখন সাহিত্যিক যোগেন্দ্ৰ নাৰায়ণ ভূঞা দেৱে ৰচনা কৰিছিল তথাপিও সেইখন‌ এখন পুৰ্ণাংগ জীৱনী নহয়, সেইকথা ভূঞা দেৱে নিজেই উল্লেখ কৰি গৈছে।‌ ২০১৯ চনত ইছমাইল হোছেইনদেৱৰ সম্পাদনাত ” শিক্ষা আৰু বাণিজ্যৰ অগ্ৰদূত সদাগৰ ভোলানাথ বৰুৱা” প্ৰকাশ পায় । তেজপুৰ সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ ভূপেন শইকীয়াদেৱে সদাগৰ ভোলানাথ বৰুৱাৰ এখন জীৱনী আৰু শেহতীয়াকৈ গুৱাহাটী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ, যিখন মহাবিদ্যালয়ক বি. বৰুৱা মহাবিদ্যালয় বুলিলে হে সকলোৱে চিনি পায়, সেইখন মহাবিদ্যালয়ৰ অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে সাউদ ভোলানাথ বৰুৱাৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে।

অসমীয়া ভাষা উন্নতি সাধিনী সভা তেজপুৰে ২০১৯ চনৰ পৰা ৩০ মে’ দিনটো সদাগৰ ভোলানাথ দাসৰ পৱিত্ৰ মৃত্যু তিথি উপলক্ষে ‘বাণিজ্য দিৱস’ হিচাপে পালন কৰি আহিছে।‌ আৰু চৰকাৰৰ লগতে অসমৰ
সকলো জাতীয় দল সংগঠনক এই দিৱস পালন কৰিবলৈ আহ্বান জনায় আহিছে । যদিও সদাগৰ ভোলানাথ বৰুৱা পোনপটীয়াকৈ অসমীয়া সাহিত্য বা সংস্কৃতিৰ লগত জড়িত নহয়, তথাপিও কিয় অভাউসাৰ দৰে অসমীয়া ভাষা, অসমীয়াৰ স্বত্বা, অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে ১৮৯১ চনতে স্হাপিত হোৱা বৌদ্ধিক অনুষ্ঠানে এটাই তেখেতে মৃত্যু তিথি ৩০মে’ তাৰিখটোত বাণিজ্য দিৱস পতাৰ সংকল্প লৈছে বুলি6 সৰ্বসাধাৰণ মানুহৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে। । ইয়াৰ প্ৰধান কাৰণ হ’ল ১৯১৮ চনত হেমচন্দ্ৰ গোস্বামীয়ে যেতিয়া অসমীয়া ভাষাৰ মৰ্যাদা প্ৰদান বাবে যুঁজি আছিল আৰু কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলা বাবে সংগ্ৰাম কৰি আছিল। তেতিয়া সেইসময় কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আশুতোষ মুখাৰ্জীদেৱে হেমচন্দ্ৰ গোস্বামীক অসমীয়া সাহিত্য ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল। হেমচন্দ্ৰ গোস্বামীক তেখেতে যুগুত কৰা ‘অসমীয়া সাহিত্যৰ চানেকি’ নামৰ গ্ৰন্থখনৰ ৭টা খণ্ড প্ৰকাশ কৰিবলৈ অৰ্থৰ যোগান ধৰা একমাত্ৰ মানুহজনেই হ’ল সাউদ ভোলানাথ বৰুৱা । যদি যদি হেমচন্দ্ৰ গোস্বামীদেৱে অৰ্থৰ অভাৱত ‘অসমীয়া সাহিত্যৰ চানেকি’ খণ্ড‌ কেইটি প্ৰকাশ কৰিব নোৱাৰিলে হেঁতেন। তেতিয়া হ’লে হয়তো আমাৰ আই মুখৰ ভাষাৰ পুণৰ উদ্ধাৰ নহ’ল হেঁতেন। লগতে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ বিভাগ খুলিবলৈ সদাগৰ ভোলানাথ বৰুৱাই আগবঢ়াইছিল নগদ ১০ হাজাৰ টকা । ইয়াৰ ওপৰিও লক্ষ্মীনাথ বেজবৰুৱাদেৱে যি দুখন গ্ৰন্থৰ বাবে অসমীয়া সাহিত্যত তেখেতে চিৰ জ্যোতিষমান হৈ থাকিব। সেই দুখন গ্ৰন্থ ক্ৰমে “শ্ৰী শ্ৰী শংকৰদেৱ” আৰু “শ্ৰী শ্ৰী মাধৱদেৱৰ” ১৯১৪ চনত প্ৰকাশ কৰিবলৈ সম্পূৰ্ণ ধনৰ যোগান ধৰিছিল এই সদাগৰ ভোলানাথ বৰুৱাই । এনেকুৱা এজন ব্যক্তিৰ অৱদান অভাউসা সভাই কিদৰে অৱজ্ঞা কৰিব পাৰে । সেইবাবে এই মহান ব্যক্তিজনৰ পৱিত্ৰ মৃত্যু তিথি ৩০মে’ তাৰিখে অভাউসা সভাই বাণিজ্য দিৱ‌স পালন সংকল্প গ্ৰহণ কৰিছে। অভাউসা সভাৰ আহ্বান প্ৰতি সন্মান জনাই ২০২১ চনৰ পৰা অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদে ৩০ মে’ তাৰিখে ‘বাণিজ্য দিৱস’ হিচাপে উদ্ যাপন কৰি আহিছে । যোৱা বছৰ পুৰণি গুদামৰ‌ লগতে নগাঁও আৰু গুৱাহাটীৰ কেবাটাও দল সংগঠনে এই দিৱস পালন কৰিছে আৰু আগলৈ কৰিব বুলি আশা ৰাখিছোঁ । যাতে নৱপ্ৰজন্মক ব্যৱসায়-বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তোলোৰ লগতে এই দানবীৰ অসমীয়া ব্যৱসায়ী জনলৈ শ্ৰদ্ধা নিবেদন কৰিব পৰা যায় । চৰকাৰৰ লগতে বাণিজ্য শিক্ষা প্ৰতিষ্ঠান, অন্যান্য ব্যৱসায়ী সন্থা- সংঘ সমূহেও ৩০ মে’ তাৰিখে বাণিজ্য দিৱস পালন কৰি সাউদ ভোলানাথ বৰুৱাদেৱকৈ প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা উচিত। যিদৰে শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱস, ফনী শৰ্মা দিৱস আদি দিৱসসমূহে আমাক সাহিত্য-সাংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি যোৱাত উৎসাহ যোগাই আহিছে ঠিক তেনেদৰে বাণিজ্যি দিৱস পালনেৰে আমাৰ নৱপ্ৰজন্মক ব্যৱসায়-বাণিজ্য ক্ষেত্ৰখনলৈ আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাব। আহক আমি সকলো ৩০ মে’ তাৰিখে সাউদ ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী হিচাপে বাণিজ্য দিৱস পালন কৰি ব্যৱসায়ীসকললৈ সন্মান প্ৰদৰ্শন কৰোঁ আৰু তেতিয়াহে তেওঁলোকৰো সমাজৰ প্ৰতি দ্বায়বদ্ধতা বাঢ়িব।

ঊনবিংশ শতিকাতে আনন্দৰাম ঢেকীয়াল ফুকনে অৰুনোদই কাকতত প্ৰকাশ কৰা ‘ইংলেণ্ডৰ বিৱৰণ’ ত অসমীয়াৰ দুৰৱস্হাৰ হেতুত উল্লেখ কৰোতে আন আন কাৰণ সমূহৰ লগতে এটা প্ৰধান কাৰণ হিচাপে উল্লেখ কৰে অসমীয়া জাতিৰ ব্যৱসায় বাণিজ্যৰ প্ৰতি থকা অনিহা। আৰু যিটো জাতি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত পিছত পৰা, সেই জাতিটো অৰ্থনৈতিক ভাৱে কেতিয়াও সবল হ’ব নোৱাৰে । নিজৰ ভাষা-সাহিত্যৰ সংস্কৃতি ৰক্ষাৰ বাবে সদায় আনৰ ওচৰত অৰ্থনৈতিক ভাৱে নিৰ্ভৰশীল হ’ব লাগিয়া হয় । আমাৰ সংস্কৃতত এষাৰ কথা আছে, ” বাণিজ্যে বসতি লক্ষ্মী”। সেইবাবে যিটো জাতি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়া,সেই জাতিটো অৰ্থনৈতিক দিশকে আদি কৰি সকলো ক্ষেত্ৰতে আগৰণুৱা হয়। উদাহৰণ স্বৰূপে ব্ৰিটিছ সকলৰ কথাকে উল্লেখ কৰিব পৰা যায় । তেওঁলোকে ব্যৱসায় বাণিজ্যৰ দ্বাৰা গোটেই পৃথিৱী জয় কৰিবলৈ সক্ষম হৈছিল। দেশ এখনৰ জনসাধাৰণ বেপাৰ-বাণিজ্যৰ প্ৰতি আগ্ৰহী হ’বলৈ হ’লে ৰাজনৈতিক সুস্থিৰতা, আইন-কানুনৰ সু-ব্যৱস্থা, অৰ্থনৈতিক সবলতা লগতে বাণিজ্য শিক্ষাৰ অতি আৱশ্যক। অকল যে বাণিজ্য শিক্ষাৰ ল’লেই ব্যৱসায়-বাণিজ্য কৰিব পাৰিব এনে নহয়, কিন্তু বাণিজ্য শিক্ষা গ্ৰহণ কৰিলে ব্যৱসায় জগত খনত দুখোজ আগোৱাই থাকিব পাৰিব। কাৰণ বাণিজ্য শিক্ষা বা পাঠ্যক্ৰমে হৈছে একমাত্ৰ পাঠ্যক্ৰম যি পাঠ্যক্ৰমে এজন ব্যক্তিক নিজস্ব ভাবে ব্যৱসায় এটা গঢ়ি তুলিব পৰা কৈ সকলো ধৰণৰ শিক্ষা দিয়া হয়, যাতে ব্যক্তিজন স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল হ’ব পাৰে বা ঔদ্যোগিক ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে । আৰু সেইসকল ব্যক্তিয়ে নিজৰ প্ৰতিষ্ঠান দ্বাৰা আনৰ বাবে চাকৰি বা নিয়োগ সৃষ্টি কৰিব পাৰে কৰিব পাৰে । কিন্তু দুখৰ বিষয় এইয়া যে আজিলৈকে অসমত বাণিজ্য শিক্ষাৰ প্ৰসাৰৰ আৰু প্ৰচাৰ যেনেধৰণে হ’ব লাগিছিল তেনেদৰে হোৱা নাই। এইবাৰৰ অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰা ‘দৰ্পণ’ প’ৰ্টেলত মাত্ৰ ২০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বাণিজ্য বিভাগত নাম ভৰ্তিৰ‌ বাবে আবেদন কৰিছে। তাৰ বিপৰীতে বিজ্ঞান বিভাগত ২৫ শতাংশ আৰু কলা বিভাগত ৫৫ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তিৰ বাবে আবেদন কৰিছে। কলা বিভাগত নাম ভৰ্তিৰ‌ বাবে আগ্ৰহী হোৱা মানে চাকৰি মুখী হোৱাৰ প্ৰৱণতা বেছি হোৱা সূচায়। অসমৰ বাহিৰে আন আন উন্নত ৰাজ্যসমূহৰ ‌যেনে গুজৰাট, মহাৰাষ্ট্ৰ, পাঞ্জাব আদি ৰাজ্য সমূহত বাণিজ্য শিক্ষাৰ গুৰুত্ব বেছি। কিছুমান আগশাৰীৰ মহাবিদ্যালয়সমূহ যেনে দিল্লীৰ শ্ৰীৰাম ক’মাৰ্চ কলেজ, লেডি শ্ৰীৰাম ক’মাৰ্চ কলেজ, হংসৰাজ কলেজ, হিন্দু কলেজ ; মুম্বাইৰ দৌলতৰাম কলেজ ; বাংগালোৰৰ খ্ৰীষ্ট কলেজ আদিত ৯৫ শতাংশ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েও নামভৰ্তিৰ সুবিধা নাপায় । কোনো কোনো কলেজত বাণিজ্য পাঠ্যক্ৰমত ৯৯ শতাংশ কাটঅফ নম্বৰ হোৱা দেখা যায়। কিন্তু অসমৰ বহু বিদ্যালয় আৰু মহাবিদ্যালয়ত এতিয়া লৈকে বাণিজ্য বিভাগৰ পাঠ্যক্ৰম আৰম্ভ হোৱা নাই। বাণিজ্য বিভাগৰ পাঠ্যক্ৰম অবিহনে বা বিকাশৰ অবিহনে এখন ৰাজ্য শিক্ষা খণ্ড কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে। সেইবাবে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰেও বানিজ্য শিক্ষা প্ৰাসংগিকতাক গুৰুত্ব দিয়া উচিত।

ধন্যবাদ
ড০ মনোজ কুমাৰ হাজৰিকা
সাধাৰণ সম্পাদক
অসমীয়া ভাষা উন্নতি সাধিনী সভা
তেজপুৰ ।
দূৰভাষ: ৯৬১৩৪১৮৯০৬

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search