অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ ওপজা দিন উদ্যাপন

0 minutes, 11 seconds Read

অসমৰ নৱ প্ৰজন্ম জাতীয় ভাষা-সাহিত্যৰ প্ৰতি সজাগ হোৱা উচিত: ড° হাজৰিকা ডিব্ৰুগড়ৰ বাৰগৰাকী বিশিষ্ট ব্যক্তিক সম্বর্ধনা

‘জন্ম আৰু মৃত্যুৰ মাজৰ সময়ছোৱাই হ’ল জীবন।’ এই মহা মূল্যবান সময়ছোৱাক সঠিকভাবে ব্যৱহাৰ কৰি আগুৱাই গ’লেই জীৱনত সফলতা লাভ কৰিব পাৰি’। ড° সূৰ্য্যকান্ত হাজৰিকা জন্ম দিবস উদযাপন সমিতি, ডিব্রুগড় সাহিত্য সভা আৰু কানৈ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত কানে মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক, লেখক, তথ্য চিত্র নির্মাতা, সমাজ সেরক, অসমৰ অন্যতম আগশাৰীৰ প্রকাশক, ডিব্ৰুগড়ৰ সুসন্তান, পদ্মশ্রী ড° সূৰ্যাকান্ত হাজৰিকাৰ ৬৮ সংখ্যক ওপজা দিনত তেওঁ নিজে উপস্থিত থাকি আজি এনেদবে কয়। ড° হাজৰিকাই কয় ভাষা-সাহিত্যই হ’ল এটা জাতিৰ পৰিচয়। ভাষা-সাহিত্যক আগুৱাই নিবলৈ হ’লে নর প্রজন্মই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব। নর প্রজন্মই যদি ভাষা-সাহিত্যৰ প্রতি অৱহেলা কৰে তেন্তে ভাষা-সাহিত্য কেতিয়াও জীয়াই নাথাকিব। তেওঁ লগতে অসমীয়া সাহিত্যৰ বর্তমানেও বহু আপুৰুগীয়া গ্রন্থ দুষ্পাপ্য হৈ থকা বুলি উল্লেখ কৰি নর প্রজন্মক অনুসন্ধানৰ বাবে আহবান জনায়। মহাবিদ্যালয়ৰ মূল প্রবেশ দ্বাৰৰ পৰা গায়ন-বায়ন, ঝুমুৰ, বিহু নৃত্য, মিছিং জনগোষ্ঠীয় নৃত্যবে সভাগৃহলৈ উষ্ম আদৰণী জনাই নিয়া অনুষ্ঠানটিত আপ্লুত হৈ এনে উদ্যাপনে পৰৱৰ্তী দিনত তেওঁক ভাষা-সাহিত্য-সংস্কৃতিব প্রতি অধিক একাগ্রতাবে আগুৱাই যোৱাবৰ ক্ষেত্রত অনুপ্ৰেৰণা যোগাব বুলি কয়। ড° হাজৰিকাই কয়- ইয়াণ্ডাবু সন্ধি তথা ১৮২৬ চনৰ প্ৰাক্ মূহুর্তত বৃটিছ আৰু আহোম স্বৰ্গদেউসকলৰ মাজত আদান-প্রদান হোৱা বিভিন্ন নথি পত্র সংগ্রহ কৰি, অসমীয়ালৈ অনুবাদৰ জৰিয়তে বৃহৎ কলেৱৰৰ দুষ্পাপ্য অসমীয়া সাহিত্য সংকলন শীর্ষক এখন আপুৰুগীয়া গ্রন্থ অহা প্রায় ছয় মাহৰ ভিতৰত সংকলন কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁড়াললৈ আগবঢ়াব বুলি নিজৰ ওপজা দিনৰ সংকল্প ব্যক্ত কবে। ইতিমধ্যে অসমৰ লগতে দেশ-বিদেশৰ পৰা উক্ত গ্রন্থখন সম্পর্কত বিভিন্ন সমল সংগ্ৰহ কৰা বুলিও ভাষণ-প্রসংগত উল্লেখ কৰে। ডিব্রুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক যাদৱ গগৈয়ে আঁত ধৰা তথা উদ্যাপন সমিতিৰ সচিব গৌতম গগৈয়ে উদ্দেশ্য ব্যাখ্যা আৰু ডিব্রুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁইয়ে শলাগৰ শবাই আগবঢ়োরা অনুষ্ঠানটো সভাপতিত্ব কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি আৰু ডি এইচ এছ কানে মহাবিদ্যালয়ৰ অধ্যক্ষ ৬০ শশীকান্ত শইকীয়াই। গাম্ভীর্যপূর্ণ অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি ৬০ সূর্য্যকান্ত হাজৰিকাৰ দ্বাৰা প্রণিত ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাংবাদিকতা’ শীর্ষক গ্রন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ৬০ কন্দর্প কুমাৰ ডেকাই। গ্রন্থখন উন্মোচন কৰি প্রাক্তন উপাচার্য ড০ কন্দর্প কুমাৰ ডেকাই কয় যে মাত্র ছাত্র-ছাত্রীসকলৰ বাবেই নহয়, সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ কাৰণে তথা অসমীয়া ভাষা সাহিত্যৰ বসবাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বহু নজনা কথা গ্রন্থখনৰ জড়িয়তে ৬০ সূর্যাকান্ত হাজৰিকাই প্রকাশ কৰিছে। আনহাতে গবেষক ছাত্র-ছাত্রীসকলো এই গ্রন্থখনৰ জড়িয়তে যথেষ্ট উপকৃত হ’ব বুলি মন্তব্য কৰে। এই গ্রন্থখন অসমীয়া সাহিত্যৰ গুঁড়াললৈ এক মূল্যবান সংযোজন হৈ ৰ’ব বুলি তেওঁ কয়। একে অনুষ্ঠানতে ড০ সূৰ্য্যকান্ত হাজৰিকাৰ দ্বাৰা নিৰ্মিত ‘বিহঙ্গম দৃষ্টিত ড০ ভূপেন হাজৰিকা’ শীর্ষক তথ্যচিত্রখন প্রদর্শন কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্রাক্তন মুৰব্বী অধ্যাপিকা, বিশিষ্ট কবি ড০ কৰবী ডেকা হাজৰিকাই তথ্য চিত্রখন সন্দর্ভত এক পর্যালোচনা আগবঢ়ায়। তথ্য চিত্রখনৰ জৰিয়তে বিশ্ববরেণ্য শিল্পীজনক পুনৰ জীৱন্ত ৰূপত প্ৰকাশ কৰাৰ লগতে তথ্য চিত্রখন অসমীয়া জনজীৱনৰ এক আপুৰুগীয়া সম্পদ হৈ ৰ’ব বুলি তেওঁ মন্তব্য কৰে। জন্ম দিন উদ্যাপন অনুষ্ঠানটি ডিব্ৰুগড়ৰ সুসন্তান, অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ বিভিন্ন স্মৃতি সম্বলিত ‘৬০ সূর্যকান্ত হাজৰিকা: ডিব্ৰুগড়ৰ পৰা বিশ্বৰ মঞ্চলৈ’ শীর্ষক এখন প্রদর্শনীৰ দ্বাৰ মুকলি কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন গ্রন্থাগাৰিক প্রকাশ গগৈয়ে। আনহাতে অসম সাহিত্য সভাৰ সভাপতি গৰাকীক ৬৮ সংখ্যক জন্মদিন উপলক্ষ্যে ডিব্রুগড় সাহিত্য সভা, ডি এইচ এছ কানে মহাবিদ্যালয়, সদৌ ডিব্রুগড় ছাত্র সন্থা, ডিব্ৰুগড় লেখিকা সন্থা, জেউতী আলয়, মহিয়সী সেউজী সাহিত্য মঞ্চ, অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্য ভাষা প্রয়োগ সমিতি আহ্বায়ক ৰঙিয়াৰ হেমন্ত কলিতা, অসম সাহিত্য সভাৰ আন্তঃৰাজ্যিক জনগোষ্ঠীয় সমন্বয় সম্ভাবনা সমন্বয়ক লিডুৰ সুনিল গুরুং, অসম সাহিত্য সভাৰ ৰামধনু কার্যকৰী সভাপতি পুলক কুমাৰ গগৈ, চৰাইদেউ কছুমাৰীৰ বাসনা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক মৰাণৰ শোভিত কুমাৰ ছেত্রী, মৰাণ নৱজ্যোতি ক্লার, চাবুৱাব কালার্চ, ধেমাজী জিলা সাহিত্য সভা, চাবুৱাৰ সাহিত্যিক পেঞ্চনাৰ নৰেশ্বৰ হাজৰিকা, চন্দ্রকান্ত হাজৰিকা বি এড কলেজ, পশ্চিম ধেমাজী শাখা সাহিত্য সভাৰ সম্পাদক ড০ অচ্যুত গগৈ, ধেমাজী জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, ডিব্রুগড় জ্যেষ্ঠ নাগৰিক পৰিষদ, মঞ্চৰূপা, লায়ঞ্চ ক্লাব, ডিব্রুগড় জিলা মইনা পাৰিজাত, বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতি, পাঞ্চজন্য শিল্পী সমাজ, ডিব্ৰুগড় পেঞ্চনাৰ সন্থা, বৰপথাৰ শাখা সাহিত্য সভা, মটক মহিলা পৰিষদ, ডিব্ৰুগড় জিলা লেখিকা সমাজ, মিছিং মহিলা ফেচবুক গ্রুপ, প্রজ্ঞা সুকুমাৰ কলা কেন্দ্র, ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতি, ডিব্ৰুগড় জিলা কবি সমাজ, ডি এইচ এচ কানে মহাবিদ্যালয় কর্মচাৰী গোট, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ দকচিৰি, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কার্যালয়ৰ সম্পাদক ভুবন মোহন গোস্বামী, প্রাক্তন সম্পাদিকা, বিশিষ্ট লেখিকা ৬০ প্রাতসলতা বুঢ়াগোহাঁই, বিশিষ্ট শিক্ষাবিদ চেহিৰ আহমেদ, চেবন প্রসাদ শর্মা, আৰাধনা দত্ত, নিবেদিতা চুতীয়া, মীনাক্ষী দাস বৰুৱা, ভাৰতী বৰুৱা দুৱৰা, দীপিকা গগৈয়ে গ্রন্থৰ টোপোলাবে শুভেচ্ছা জনায়। লগতে ৰাজশ্রী সেনাপতি গগৈ, উপন্যাসিকা অর্পনা ফুকন দাস, ডিব্রুগড় জিলা সাহিত্য সভাৰ প্রাক্তন সম্পাদক ব্রজেন গগৈকে প্রমুখ্য কৰি প্রায় শতাধিক অনুষ্ঠান-প্রতিষ্ঠান, শুভাকাংক্ষী দল-সংগঠনে আনুষ্ঠানিকভাবে সভাপতিগৰাকীক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্যাপন সমিতিয়ে ডিব্রুগড় বিশ্ববিদ্যালয় আৰু শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ৬০ কন্দর্প কুমাৰ ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্রাক্তন মুৰব্বী অধ্যাপিকা, বিশিষ্ট কবি ৬০ কৰবী ডেকা হাজৰিকা, অসম সাহিত্য সভাৰ সভাপতি ৬০ সূৰ্য্যকান্ত হাজৰিকা, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি আৰু ডি এইচ এছ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন গ্রন্থাগাৰিক প্ৰকাশ গগৈ, অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক ভুবন মোহন গোস্বামী, ড০ সূৰ্য্যকান্ত হাজৰিকাৰ শুভাকাংক্ষী হবেশ দাস, ডিব্রুগড়ৰ বিশিষ্ট নাগৰিক শশীকান্ত দত্ত, ডিব্ৰুগড়ৰ বিশিষ্ট শিক্ষাবিদ চেহিৰ আহমেদৰ লগতে মৰনোত্তৰভাৱে প্রয়াত ভীমকান্ত কোঁৱৰ, ড০ মৃগেন্দ্র নাৰায়ণ দাস, ড০ প্রদীপ হাজৰিকাক সম্বর্ধনা জনায়। গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত ড০ সূৰ্য্যকান্ত হাজৰিকাৰ সহধর্মীনী ইভা হাজৰিকা, ভাতৃ তথা বাণী মন্দিৰৰ স্বত্বাধিকাৰী উজ্জ্বল হাজৰিকা, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি

বিভাস দুৱৰাকে প্রমুখ্য কৰি ডিব্ৰুগড় চহৰৰ ভালেসংখ্যক গন্যমান্য ব্যক্তি, ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া, ডা সূৰ্য্যকান্ত হাজৰিকা জন্ম দিবস

উদ্যাপন সমিতিৰ বিষয়ববীয়াৰ লগতে কানৈ মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কর্মচাৰী আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search