হাজো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মহেশ চন্দ্ৰ দাস দেৱৰ জন্ম শতবাৰ্ষিকী বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ যায়৷সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক,বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন,বিশিষ্ট কবি নন্দসিং বৰকলা,বিশিষ্ট সমাজকৰ্মী তথা অসমৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতা,উমেশ চক্ৰৱৰ্তী,খগেন শইকীয়া,ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰ শুৱালকুছিৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱলোচন সন্ত বাপকে ধৰি একাধিক বিশিষ্ট লোক উপস্থিত থাকে৷ভাষণ প্ৰসংগত বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাসে কয়যে শংকৰদেৱ শিশু নিকেতনৰ পৃষ্ঠ ভূমি নিৰ্মাণ কৰোতা মহেশ চন্দ্ৰ দাস আছিল সমাজৰ প্ৰহৰী৷তেও বৃত্তিত কম্পাউণ্ডৰ আছিল যদিও চিকিৎসকৰ থাকিব লগা সকলো গুনেই তেওৰ আছিল৷আজিৰ চিকিৎসা ব্যৱসায়লৈ ৰূপান্তৰ ঘটাবুলি তেওঁ ভয়ংকৰ অভিযোগ আনে৷আগৰ চিকিৎসাত সেৱাৰ মনোভাৱ আছিল আজি কিন্তু সেই দিন নাই যেন অনুভৱ হোৱা বুলি কয়৷বন্তি প্ৰজ্বলক বুঢ়া সত্ৰাধিকাৰ ৰাজীৱলোচন সন্ত বাপে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া তাৰাৰ আদৰ্শৰ সোনসেৰিয়া বাটেৰে আমি বাটবুলিলে আমি শান্তিৰ পৃথিৱী এখনত বাস কৰিব পাৰিম৷শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰছাত্ৰী সকল সংস্কাৰৰ মাজেৰে ডাঙৰ দীঘল হয় আমি এই ধাৰা অব্যাহত থাকিব বুলি তেও আশা প্ৰকাশ কৰে৷সভাত সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়াই গিৰিণ্দ্ৰ দাস সম্পাদিত“মহেশমন্থন“ নামৰ স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে৷