ভাৰতীয় সেনাই আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, এছ এছ বি আৰু অসম আৰক্ষীৰ সহযোগত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত বান সাহায্য বিষয়ক ‘জল ৰাহত’ নামৰ এক অনুশীলন অনুষ্ঠিত কৰে। ‘জল ৰাহত’ অনুশীলনৰ লক্ষ্য হৈছে স্থানীয় লোকৰ মাজত বান সাহায্য অভিযানৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা আৰু এনে অভিযানৰ সকলো অংশীদাৰী সংস্থাৰ মাজত সু-সমন্বয় স্থাপন কৰা।
এই অনুশীলনে সামৰিক আৰু অ-সামৰিক সমন্বয়ৰ সীমাহীন সম্ভাৱনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সাহায্য অভিযানত অংশীদাৰী সংস্থাসমূহৰ দায়বদ্ধতা আৰু সামৰ্থ্যৰ নিদৰ্শন দাঙি ধৰে। ‘জল ৰাহত’ অনুশীলনৰ জৰিয়তে আজি উদ্ধাৰ অভিযান, তাৎক্ষণিক চিকিৎসা প্ৰদান আৰু বান সাহায্যৰ বাবে প্ৰযুক্তিগত উন্নত উপায় প্ৰস্তুত কৰাৰ বিভিন্ন দিশৰ লগতে নিখুঁতভাৱে পৰিকল্পিত অনুশীলন আৰু বান দুৰ্যোগৰ সময়ত সাধাৰণ ৰাইজৰ জীৱন আৰু সামগ্ৰীৰ ক্ষতি হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা আৰু অন্যান্য অংশীদাৰী সংস্থাৰ যুটীয়া প্ৰচেষ্টাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
ভাৰতীয় সেনাবাহিনীৰ এটা বিশেষজ্ঞ দলে আজিৰ অনুশীলনত উইঞ্চিং ক্ষমতা ( winching) থকা হেলিকপ্টাৰৰ ব্যৱহাৰৰে বান প্লাৱিত অঞ্চলৰ পৰা বানপানীত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে কিদৰে অভিযান চলোৱা হয় তাৰ অনুশীলন কৰাৰ উপৰিও এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলসমূহে গভীৰ পানীৰ তলতো উদ্ধাৰ কাৰ্য চলোৱাত তেওঁলোক কিদৰে সক্ষম, সেই দক্ষতা প্ৰদৰ্শন কৰে।
এই অনুশীলনে স্থানীয় ৰাইজৰ মাজত বান পানীৰ সময়ত বানপীড়িত অঞ্চলত উদ্ধাৰকাৰ্যৰ সক্ষমতাৰ ওপৰত বিশ্বাস গঢ়ি তোলাৰ লগতে এনে দুৰ্যোগৰ সময়ত ভাৰতীয় সেনা আৰু অন্যান্য সকলো চৰকাৰী সংস্থাই জনসাধাৰণক যে সময়মতে আৰু ফলপ্ৰসূ সাহাৰ্য আগবঢ়াব তাৰ নিশ্চয়তা প্ৰদান কৰে। এই অনুশীলনে ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আৰু দেশৰ নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি ভাৰতীয় সেনাৰ প্ৰতিশ্ৰুতিবদ্ধতাক আৰু অধিক দৃঢ় কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুশীলন কাৰ্যসূচীত ২১ মাউণ্টেইন ডিভিজনৰ জি অ’ চি মেজৰ জেনেৰেল বিশাল সিঙ, এছ এম, ভি এছ এম মুখ্য অতিথিৰূপে উপস্থিত থাকে।