শিশু কল্যাণ সমিতি (চি ডব্লিউ চি)য়ে অযোধ্যাত এখন বাছৰ পৰা উদ্ধাৰ কৰিছে ৯৫টা শিশুক। এই শিশুসকলৰ প্ৰত্যেকৰে বয়স ৪ৰ পৰা ১২ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে । বিহাৰৰ আৰিয়াৰ পৰা অযোধ্যাৰ চাহাৰনপুৰলৈ লৈ যোৱা হৈছিল শিশুকেইটাক। শিশু কল্যাণ সমিতিয়ে বিশেষ সূত্ৰৰ খবৰ লাভ কৰি মাজবাটতে অযোধ্যাৰ দেৱকালী মোৰৰ সমীপত এখন বাছৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰে।
শিশুকেইটিক জীৱ-জন্তুৰ দৰে বাছখনৰ ভিতৰত হেচি ঠেলি সোমাই দিয়া হৈছিল। আটাইবোৰেই দৰিদ্ৰ পৰিয়ালৰ শিশু। উদ্ধাৰ হোৱা কেইবাটাও শিশু অনাথ বুলি জানিব পৰা গৈছে।
শিশু কল্যাণ সমিতিৰ তথ্য অনুসৰি এই শিশুসকলৰ অধিকাংশই আধাৰ কাৰ্ড ভুৱা হব পাৰে। তেওঁলোকে ভাবে ইয়াৰ আঁৰত হয়তো এটা ডাঙৰ ষড়যন্ত্র আছে।