পাকিস্তানৰ কাৰাগাৰত মৃত্যু ভাৰতীয় মাছমৰীয়াৰ দুমাহ পিছত মৃতদেহ ওভতাই অনাৰ প্ৰস্তুতি

0 minutes, 0 seconds Read

মৎস্য চিকাৰলৈ গৈ পাকিস্তানৰ হাতত বন্দী হোৱা এজন মাছমৰীয়াৰ মৃত্যু হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । মাছ। মাৰিবগৈ পাকিস্তানৰ জলসীমাত প্ৰৱেশ কৰিছিল এগৰাকী ভাৰতীয় মাছমৰীয়াই। যাৰ ফলতপাকিস্তানী নিৰাপত্তা বাহিনীৰ হাতত গ্ৰেপ্তাৰ হব লগা হৈছিল মাছমৰীয়া জন ।এই ঘটনা সংঘটিত হৈছিল ২০২২ ত । তেতিয়াৰ পৰা কৰাচীৰ কাৰাগাৰত বন্দী হৈ আছিল এই মাছমৰীয়াজন। যোৱা মাৰ্চ মাহত কাৰাগাৰতে অসুস্থ হৈ মৃত্যু হোৱাৰ খবৰ আহিল মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ গোৰাটপোড়া গাঁৱৰ বাসিন্দা লক্ষ্মণ কোলেৰ। মৃত্যুৰ প্ৰায় ডেৰ মাহ সময় পাৰ হৈ যোৱাৰ পিছতো মাছমৰীয়াজনৰ মৃতদেহ ভাৰতলৈ ওভতাই অনাটো সম্ভৱ হোৱা নাই যদিও শেহতীয়াকৈ মাছমৰীয়াজনৰ মৃতদেহ ভাৰতলৈ ওভতাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ২০২২ চনৰ অক্টোবৰ মাহত ৪৫ বছৰীয়া লক্ষ্মণ কোলেই মৎস্য চিকাৰ কৰিবলৈ গৈ পাকিস্তানৰ জলসীমাৰ ভিতৰত প্ৰৱেশ কৰি নাওসহ পাক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল লক্ষ্মণক। যোৱা ৮ মাৰ্চত কাৰাগাৰৰ ভিতৰতে পক্ষাঘাতত আক্রান্ত হয় লক্ষ্মণ কোলে। লক্ষ্মণক হাস্পতালত চিকিৎসা প্রদান কৰা হয় যদিও ১৭ মাৰ্চত মৃত্যু হয়। ভাৰতীয় বন্দীসকলৰ বাবে কাম কৰা এটা সংগঠনৰ প্ৰতিনিধি যতীন দেশায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কৰাচী জে’লত বন্দী অন্য ভাৰতীয়ই লক্ষ্মণৰ মৃত্যুৰ খবৰ পৰিয়াললৈ প্ৰেৰণ কৰে। কিন্তু মৃতদেহ কেনেদৰে ওভতাই আনিব, তাক লৈ পৰিয়াল চিন্তাত পৰে। অৱশেষত যতীন দেশায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি সমস্যাৰ অৱসান হৈছে। লক্ষ্মণৰ মৃতদেহ প্রথমে অমৃতসৰলৈ অনা হ’ব। তাৰ পিছত মহাৰাষ্ট্ৰৰ গাঁৱৰ ঘৰলৈ প্ৰেৰণ কৰা হ’ব।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search