সন্তান জন্ম দিব নোৱাৰৰ বাবেই শহুৰে চোকা অস্ত্ৰৰে আক্ৰমন কৰিলে বোৱাৰীক

0 minutes, 0 seconds Read

সন্তুান জন্ম দিব নোৱাৰাৰ বাবেই পুত্ৰ -বোৱাৰীৰ ওপৰত অমানুসিক অত্যাচাৰ পিতৃ ।বোৱাৰীক চোকা অস্ত্ৰৰে আক্ৰমন শহুৰৰ ।নগাঁও জিলাৰ কঠীয়াতলীৰ এই ঘটণাক কেন্দ্ৰ কৰি সৰ্বত্ৰতে সৃষ্টি হৈছে প্ৰতিক্ৰীয়া ।নিষ্ঠুৰ ;নিৰ্দয় ;হৃদয়হীন পিতৃৰ কাণ্ডত অতিষ্ঠ”হৈ আইনৰ কাষ চাপিছে পুত্ৰ বোৱাৰী ।নিৰ্দয় পিতৃয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে নিজ বোৱাৰীক।বোৱাৰী গৰাকীৰ বিৰুদ্ধে অভিযোগ বিয়া হোৱাৰ চৌধ্য বছৰৰ পিছতো সন্তান জন্ম দিব পৰা নাই। নগাঁও জিলাৰ কঠিয়াতলীৰ টুবুকীত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড ।ঘটণাৰ বিষয়ে জানিব পৰা মতে চৌধ্য বছৰৰ আগতে
কলিয়াবৰৰ ১নং বৰঘুৰি আফাজ উদ্দীনৰ জীয়ৰী আচমা বেগমে কঠীয়াতলীৰ দক্ষিণ টুবুকি গাঁৱৰ আব্দুল মনানৰ পুত্ৰ চুলতান আলীৰ লগত বিবাহ হয় ।কিন্তু বিয়াৰ ১৪ বছৰ পাছতো সন্তুান জন্ম দিব পৰা নাছিল চুলতান আলী আৰু আচমা বেগমে।এই কথাত ক্ষুব্ধ হৈ পৰিছিল চুলতান আলিৰ পিতৃ আৰু মাতৃয়ে।যাৰ বাবে চুলতান আলিক নতুন কৈ বিয়া কৰাবৰ বাবেও হেঁচা প্ৰয়োগ কৰিছিল পিতৃ আব্দুল মান্নানে।ঘৰখনত চলি থকা এই অশান্তুিৰ মাজতে আচমা বেগমে কলিয়াবৰৰ ১নং বৰঘুৰিৰ পিতৃ গৃহটো আশ্ৰয় লৈ আছিল।কিন্ত যোৱা ছয় মে তাৰিখে আচমাক কঠীয়াতলীৰ টুবুকীৰ নিজ গৃহলৈ আনি চুলতানে গাড়ী চলাবলৈ গুচি যায়।ইফালে বোৱাৰী আচমাক অকলশৰীয়াকৈ পায় আব্দুল মান্নানে কোঠাৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি দাৰে আক্ৰমন কৰি হত্যাৰ চেষ্টা চলায়।বোৱাৰী আচমাই পলায়ন কৰিছিল যদিও আব্দুল মান্নানে পিছে পিছে খেদি গৈ আক্ৰমন কৰাত গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধিন হয়।।ইতিমধ্যে চুলতান আলিয়ে কঠীয়াতলী পহৰা চকীত এক গোচৰ তৰি দোষীক উপযুক্ত শাস্তী দিয়াৰ দাবী জনাইছে ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search