শংকৰদেৱ ধামত মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱৰ আয়োজন।জিলা ভিত্তিত বক্তৃতা প্ৰতিযোগিতা

0 minutes, 0 seconds Read

শুৱালকুছিৰ অন্যতম ধৰ্মপীঠ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰীশ্ৰীশঙ্কৰদেৱ শংকৰদেৱ ধামত উদ্যোগত অহা ২৩আৰু২৪ মেত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মোত্সৱত আয়োজন কৰিছে।এই উপলক্ষে আঞ্চলিক ভিত্তিত আৰু জিলা ভিত্তিত দুটা পৰ্যায়ত বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ২৪ মেত প্ৰথম পৰ্যায়ৰ ‘ক’শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিষয় বস্ত “ধৰ্ম প্ৰচাৰক হিচপে দুজনাগুৰুৰ অবদান”।”খ”শাখাত জিলা ভিত্তিত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিষয়বস্তু “সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সত্ৰ আৰু নামঘৰৰ অবদান”।ক শাখাৰ বিজেতা সকলক ক্ৰমে প্ৰথম পুৰস্কাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত স্মাৰক বটা নগদ ২৫০১ টকা,দ্বিতীয় পুৰস্কাৰ ভগ্নেশ্বৰ মহন্ত স্মাৰক বটা নগদ ১৭০১ টকা,আৰু তৃতীয় পুৰস্কাৰ মাধৱদেৱৰ ভাগৱতী স্মাৰক বটা নগদ ১০০১ টকা।আনহাতে খ শাখাৰ বিজয়ী প্ৰতিযোগি সকলক প্ৰথম পুৰস্কাৰ গোবিন্দ আতৈ স্মাৰক বটা নগদ ৩৩৩৩ টকা,দ্বিতীয় পুৰস্কাৰ নৰোত্তম আতৈ স্মাৰক বটা নগদ ২২২২ টকা,আৰু তৃতীয় পুৰস্কাৰ পূৰ্ণানন্দ আতৈ স্মাৰক বটা নগদ ১১১১টকাৰে সন্মানিত কৰা হব।লগতে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি ২৫ মেত অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।স্হানীয় শংকৰদেৱ ধামত অনুস্থিত হব লগীয়া প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পঢ়িয়া-মাধব আতৈ স্মাৰক বটা নগদ ২১০০১ টকা,দ্বিতীয় পুৰস্কাৰ লক্ষ্মীকান্ত আতৈ স্মাৰক বটা নগদ ১৫০০১ টকা আৰু তৃতীয় পুৰস্কাৰ কানুৰাম বুঢ়া আতা স্মাৰক বটা নগদ ১১০০১ টকাৰে পুৰস্কৃত কৰা হব।সবিশেষ জানিবলৈ ৭৬৩৮৮২৪৯৩৮ আৰু ৮৩৯৯৮৩১৭৬৩ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব বুলি প্ৰচাৰ উপ সমিতিৰ সম্পাদক মৃগেন কলিতাই জনাইছে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search