কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত সাংস্কৃতিক দিবস । বিষ্ণু ৰাভা সংগীত আৰু আধুনিক নৃত্য প্ৰতিযোগিতা

0 minutes, 2 seconds Read

অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সংযুক্ত সাংস্কৃতিক মঞ্চ আৰু জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত জুলাই মাহৰ ১৪ তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত সাংস্কৃতিক দিবস উদযাপনৰ আয়োজন কৰিছে। জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথ আৰু সংযুক্ত সাংস্কৃতিক মঞ্চৰ সভাপতি ডা° কল্যাণ কুমাৰ দাস, সম্পাদক দ্বয় সঞ্জীৱ দাস আৰু মৃদুল কোঁৱৰে জানিবলৈ দিয়া মতে গুৱাহাটী কাহিলীপাৰা স্থিত জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু জনাৰ সোঁৱৰণত সাংস্কৃতিক দিবস পালন কৰা হ’ব। উক্ত দিৱসৰ লগত সংগতি ৰাখি জুলাই ১৪ তাৰিখে সদৌ অসম ভিত্তিত বিষ্ণু ৰাভা সংগীতৰ লগতে আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাত মুঠ চাৰিটাকৈ পুৰস্কাৰৰ লগতে নগদ ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। আধুনিক নৃত্য প্ৰতিযোগিতা ক আৰু খ শাখাৰ লগতে দলীয় শাখাতো অনুষ্ঠিত হ’ব। আধুনিক নৃত্যৰ ক্ষেত্ৰত ক শাখাত ৩ পৰা ১০ বছৰৰ খ শাখাত ১১ বছৰৰ ওপৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ক আৰু খ শাখাত বিজয়ী প্ৰতিযোগী সকলৰ মাজত চাৰিটাকৈ বঁটাৰ লগতে নগদ ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। দলীয় শাখাত বিজয়ী প্ৰতিযোগী সকলৰ মাজত তিনিটা পুৰস্কাৰ,নগদ ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলি জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথে জানাবলৈ দিছে। এই প্ৰতিযোগিতাত যি সকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বিচাৰে ৬০০২৬৬৬২৬, ৯৩৯৪৯৩৯৪৭২ আৰু ৮৬৩৮২৩৫৫৪ এই ম’বাইল নম্বৰত আগতিয়াকৈ যোগাযোগ কৰি নিজৰ নিজৰ নাম সমূহ ভৰ্তি কৰিবলৈ আয়োজয়ক সমিতিয়ে অনুৰোধ জনাইছে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search