পছৰীয়াত এন আৰ এলৰ মাৰ্কেটিং টাৰ্মিনেল স্হাপনত ছুপ্ৰিম কৰ্টৰ স্হগিতাদেশ। তিনি শতাধিক কৃষকৰ সৰ্বোচ্চ আদালতত আবেদন।

0 minutes, 0 seconds Read

নুমলীগড়ৰ ৰিফাইনাৰী লিমিটেডৰ পছৰীয়াৰ ছাৰিশ সত্তৰ বিঘা কৃষি ভূমিত প্ৰস্তাবিত মাৰ্কেটিং টাৰ্মিনেল স্হাপনত দেশৰ সৰ্বোচ্চ ন্যায়লয়ে স্হগিতাদেশ জাৰি কৰে।অঞ্চলটোৰ তিনিশ কৃষকৰ আবেদনৰ ভিত্তিত উচ্ছতম ন্যায়লয়ে গোচৰৰ শুনানি গ্ৰহণ কৰি চূড়ান্ত শুনানি নোহোৱা পৰ্যন্ত কোনো ধৰণৰ নিৰ্মাণ বা আন কোনো কাৰ্য নকৰিবলৈ নিৰ্দ্দশনা জাৰি কৰিছে।উল্লেখ্য যে,কামৰূপৰ পছৰীয়াৰ আলিকাষ, শিঙিমাৰীৰ গৰিয়া পাৰাত নুমলীগড়ৰ ৰিফেইনাৰী লিমিটেডৰ প্ৰস্তাবিত মাৰকেটিং টাৰ্মিনেল স্হাপন কৰিব বিছৰা কাৰ্যক প্ৰতিবাদ কৰি অঞ্চলটোৰ তিনিশ কৃষকে গৰজি উঠাৰ পিচতো অসমৰ চৰকাৰ আকোৰ গোজ হৈ নিজৰ সিদ্ধান্তত অটল আছিল।২০২১ চনত এই বিষয়ক লৈ অঞ্চলটোৰ ২৭৪ জন পট্টাদাৰ কৃষকক মাটি অধিগ্ৰহণ জাননী জাৰি কৰিছিল। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কৃষক সকলে এলানী প্ৰতিবাদী আন্দোলন কৰিছিল। কৃষকৰ আন্দোলনক আওকাণ কৰি অসম চৰকাৰে মাৰ্কেটিং টাৰ্মিনেল স্থাপনৰ সিদ্ধান্তত অটল বদ্ধপৰিকৰ হৈ পৰে ।আনকি কৃষক সকলৰ প্ৰতি বিঘা মাটিত এক কোটিলৈ টকা ক্ষতিপূৰণ দিয়া প্ৰলোভন দিছিল।কৃষক সকলক বিভ্ৰান্ত কৰিব বিছৰা সময়তে সমাজ সেৱক ড:পংকজ লোচন বৈশ্য আৰু প্ৰাক্তন সেনা বিষয়া চন্দ্ৰধৰ কলিতাৰ নেতৃত্বত তিনিশ পট্টদাৰ কৃষকে পৈত্তিক সম্পত্তিৰ ৰক্ষাৰ খাটিৰত চৰকাৰৰ ১৪ টা বিভাগৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰে।গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমাৱস্থাত মাটি অধিগ্ৰহণ স্হগিতাদেশ জাৰি কৰে যদিও পিছত অসম চৰকাৰৰ সপক্ষে ৰায়দান কৰে।পিচত এই ৰায়ৰ বিৰুদ্ধে যোৱা ২ জানুৱাৰীত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ তৰে।উল্লেখ্য যে,উক্ত স্হানত মাৰ্কেটিং টাৰ্মিনেল স্হাপন হলে অঞ্চলটোৰ দুশটা পৰিয়ালৰ ভেটি মাটি উচন হোৱাৰ ওপৰিও প্ৰায় তিনিশ পৰিয়ালৰ কৃষি ভূমি নোহোৱা হব।ইয়াৰ ওপৰিও পছৰীয়াৰ আলিকাষ শিঙিমাৰীকে ধৰি প্ৰায় পাচ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা ভয়ংকৰ অগ্নিকুণ্ডত মাজত থাকিব। ইয়াৰ প্ৰভাৱত খোৱাপানী,খাদ্য শস্য প্ৰভাব পৰাত ৰোগাক্ৰান্ত হৈ পৰিব।

হৰিপ্ৰসাদ দাস।
শুৱালকুছি

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search