ৰেমালৰ প্ৰভাৱৰ পিছতে বৰাক- ব্ৰহ্মপুত্ৰকে ধৰি প্ৰধান নৈ সমুহৰ সমান্তৰাল ভাৱে ৰাজ্যখনৰ অন্যান্য নৈ- উপনৈ সমুহৰো জলপৃষ্ট ক্ৰমশঃ বাঢ়িবলৈ ধৰিছে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা জেঠ মহীয়া বানৰ কবলত পৰিছে।অনেক বানাক্ৰান্তই ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত থিতাপি লৈছে।তেনে সময়তে সম্ভাব্য বানপানীৰ সময়ত বানাক্ৰান্তক শীঘ্ৰে এক সুন্দৰ পৰিবেশত আশ্ৰয় শিবিৰত ৰাখি সকাহ দিয়াৰ মানসিকতাৰে আজি হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনৰ নেতৃত্বত এখন সজাগতা সভা অনুস্থিত হয়।এই সজাগতা সভাতে বিগত সময়ত বানপানীৰ সময়ত আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰি অহা বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক আদৰ্শ আশ্ৰয় শিবিৰ হিচাপে ঘোষনা কৰি অনাগত সময়তো আশ্ৰয় শিবিৰৰ ক্ষেত্ৰত আদৰ্শ আশ্ৰয় শিবিৰ হিচাপে লোৱাৰ চিন্তাচৰ্চা কৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। এই সভাতে বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয় পৰিচালনা সমিতি, একাংশ গাওঁ প্ৰধানৰ লগতে আশা কৰ্মী একাংশৰ লগত মত বিনিময় কৰি শিক্ষানুষ্ঠান খনৰ বিভিন্ন ধৰণৰ অসুবিধাৰ বুজ লয়। এই আদৰ্শ আশ্ৰয় শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰা বানপীড়িত সকলে যাতে কোনো অসুবিধা নোহোৱাকৈ আশ্ৰয় লব পাৰে তাৰেই বুজ লয়। বিশুদ্ধ শোৱাপানী, অস্থায়ী শৌচগাৰ, প্ৰসাৱগাৰ, বিদ্যুৎ, চাফ চিকুণতাকে ধৰি বিভিন্ন বিষয়ত বিতং ভাৱে আলোচনা কৰে। সভাত ৰাজ্য চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব হিমাশ্ৰী হাজৰিকা, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া মৃদুষ্মিতা বৰা, কামৰূপ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ৰাজিৱ দত্ত চৌধুৰী, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাৰিকৰী সহায়ক দ্বিজেন দাস, অতিৰিক্ত আয়ুক্ত চন্দনা বৰুৱা,হাজো ৰাজহ চক্ৰ বিষয়া আফ্ৰিন হুছেইন, হাজোৰ ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া নিতুল ইছলাম,বৰম্বৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মুনীন্দ্ৰ ভৰালী,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ সভাপতি আব্দুল জলিলৰ লগতে শিক্ষক-কৰ্মচাৰী সকলে উপস্থিত থাকি নিজ মন্তব্য আৰু পৰামৰ্শ আগবঢ়াই।