কলেজবোৰত এতিয়া এডমিছনৰ সময়।
আমি ব্যস্ত।
সকলো সকলো ধৰণেৰে ব্যস্ত।
আজিকালি ফ্ৰী এডমিছন আছে।
অভিভাৱকৰ বাৰ্ষিক আয়ৰ ওপৰত নিৰ্ভৰ কৰি এডমিছন ফ্ৰী দিয়া হয়।
আমি তিনিজন দৰ্পণ পৰ্টেলৰ কাম লৈ বহিছোঁ।
নতুন মুখৰ ল’ৰা ছোৱালীৰ জাক এটা ৰৈ আছে আমাৰ সন্মুখত।
কোনোজনৰ মুখ উজ্জ্বল, কোনোজনৰ সংকুচিত, কোনোজন উদ্বিগ্ন।
আমি Free, paid চাই সেইমতে দৰ্পণ পৰ্টেলৰ নামভৰ্তি কৰি গৈছোঁ।
এগৰাকী ছোৱালী।
মই তাইৰ সকলোখিনি সঠিক মতে ভৰাই লৈ সুধিলোঁ, ফ্ৰী এডমিছন ল’বা নে পইচা দিবা!”
: পইচা দিম বাইদেউ। আনিছোঁ।
পৰিমাণটো তিনিহাজাৰৰ অলপ বেছি আছিল।
চকুকেইটা লেপটপৰ স্কিনত লগাই এনেই সুধিলোঁ, দেউতাই কি কৰে!
উত্তৰ আহিল, খেতি কৰে।
এইবাৰ মূৰটো তুলি চাই সুধিলো, ঘৰত BPL কাৰ্ড, ৰেচন কাৰ্ড আছে?
“আছে বাইদেউ।”
নুসুধি নোৱাৰিলোঁ, তেনে ফ্ৰী এডমিছন নোলোৱা কিয়!!”
” কিবা আনিব কৈছিল, ইনকম চাৰ্টিফিকেট। নাপালোঁ। সেয়ে এনেকৈ ল’ম।”
সচৰাচৰ এনে ভিৰৰ মাজত মই এজন ল’ৰা বা ছোৱালীক বৰকৈ গুৰুত্ব নিদিওঁ। বা দিয়াতো অসুবিধা।
তথাপিও কি বা হ’ল মোৰ, সুধিলোঁ, লগত কোন আহিছে?
“দেউতা।”
“মাতি দিয়াচোন।”
আঁঠু মূৰত গামোচা পিন্ধা, কৰ্মঠ শৰীৰৰ, হোজা মানুহ এজন আগবাঢ়ি আহিল।
সুধিলোঁ, তিনিহাজাৰ টকা দিব পাৰিব নে!!
সেমেকা মুখ এখনেৰে, শেঁতা হাঁহি এটা মাৰি দেউতাকজনে ক’লে, “পাৰিম দে। আনচু পইচা।”
মই paid এডমিছনৰ তাত ক্লিক কৰিবলৈ লৈও ৰৈ দিলোঁ।
” আজি যদি গাওঁবুঢ়াৰ ওচৰলৈ যাব পাৰে, তেনে তেওঁৰ পৰা লেখাই লৈ কাইলৈ চাৰ্কোল অফিচাৰৰ ওচৰলৈ যাব পাৰিব? তেওঁৰপৰা লেখা কাগজ এখন আনিলে আপোনাৰ ভালেমানকেইটা পইচা ৰৈ যাব।”
মানুহজনে মোলৈ চালে।
“পাৰিম নে পইচা নিদিয়াকৈ?”
মই আৰু অলপ জোৰ দি কলো, “পাৰিব পাৰিব। মাত্ৰ অলপ কষ্ট কৰি এইখন কাগজ আনিব লাগিব।
আৰু আনি ৩০ তাৰিখে কলেজত নামভৰ্তি কৰিলেই হ’ব।”
দেউতাকজনৰ চকুকেইটা তিৰবিৰাই উঠিল।
“আহ মাই” বুলি ছোৱালীজনীক মাতি লৈ গ’ল।
অলপ আঁতৰত বাপেক জীয়েকৰ কথা চলিছিল। মই আঁৰ চকুৰে চাই নিজৰ কামত ব্যস্ত হ’লো।
কালি ৰাতিপুৱা কলেজলৈ আহিয়ে মানুহজনক লগ পালোঁ।
একেযোৰ সাজ।
মাত্ৰ মুখত এটা পৰিষ্কাৰ হাঁহি।
মই সুধিলোঁ, কামটো হ’ল নে!
হ’ল, হ’ল দে মাই। কালিয়ে কৰছু।
ইটো ৰুমত যাব দিছি, তাত হ’ব বোলে এডমিছন।
দিনটো মোৰ মুখৰ আগত মানুহজনৰ হাঁহিটো জিলিকি থাকিল।
এজন কৰ্মঠ, হোজা, খেতিয়ক দেউতাকৰ হাঁহি।
গায়ত্ৰী খাৰঘৰীয়া