বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুৱালকুছি গণেশ দাস হাই স্কুলৰ আদৰণীয় পদক্ষেপ ।

0 minutes, 0 seconds Read

শুৱালকুছি গণেশ দাস হাই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে । মূলত মানৱ জাতি জীয়াই থাকিবলৈ গছৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কে সজাগ কৰাৰ উদ্দেশ্য শিক্ষক শিক্ষয়িত্ৰী সমন্বিতে ছাত্ৰ ছাত্ৰী সকলে এক শোভাযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে । গছ কটা বন্ধ কৰক, গছ থাকিলেহে মানুহ থাকিব আদি শ্লোগান দি ৰাজপথৰ মানুহক পৰিবেশ সম্পৰ্কে সজাগ কৰাৰ চেষ্টা কৰে । স্কুল প্ৰাংগনৰ পৰা শোভাযাত্ৰা কৰি গৈ ব্ৰহ্মপুত্ৰৰ সেউজ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰী সকলে গছ পুলি ৰোপণ কৰে । উল্লেখ্য যে প্ৰধান শিক্ষক গংগাধৰ কাকতিৰ নেতৃত্বত আয়োজিত পৰিৱেশ দিৱসৰ কাৰ্যসূচী সমাপন কৰা হয় । শিক্ষক শিক্ষয়িত্ৰী সকলে স্কুল প্ৰাংগনটো কেইবাদালো মূল্যবান গছ পুলি ৰোপণ কৰে ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search