কবিতা নহয় ৷ দুৱাৰক লৈ এটা অনুভৱ :

0 minutes, 0 seconds Read

কোনোবাই কলিংবেল টিপিলে বা দুৱাৰত টুকুৰিয়ালে আমি যিখন দুৱাৰ খুলি দিওঁ , সেইখনেই ঘৰৰ মূল দুৱাৰ ৷ সেইখনক সামাজিক দুৱাৰ বুলিও ক’ব পাৰি ৷ কাৰণ গেছ চিলিণ্ডাৰ দিয়া মানুহ , পাৰ্চেল দিয়া মানুহ .
ইলেকট্ৰিছিয়ান , প্লাম্বাৰ , আলহী – অতিথিকে ধৰি সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ প্ৰবেশ ঘটে সেইখনেৰে ৷

সেইখন দুৱাৰৰ পিছতে থাকে ভিতৰৰ দুৱাৰবোৰ ৷যাৰ মাজেৰে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ অহাযোৱা কৰে ঘৰৰ মানুহবোৰ ৷

তাৰপিছতো থাকে দুৱাৰ ৷
সেয়া হ’ল মানুহৰ হৃদয়ৰ দুৱাৰবোৰ ৷
সামাজিক দুৱাৰেৰে সোমাই অহা সকলো মানুহৰ লগতে আমি হৃদয়ৰ দুৱাৰ খুলি কথা নাপাতোঁ ৷ আনকি দ্ৰইংৰুমত বা ডাইনিং টেবুলত একেলগে বহি চাহপানী খাই কথাবতৰা পাতোঁতেও কিছুমান আলহী- অতিথিৰ লগত হৃদয়ৰ দুৱাৰ বন্ধ হৈয়ে থাকে হয়তো !

এনেকৈ হ’লেও ঘৰ চলি যায় ৷
কিন্তু ঘৰৰ মানুহবোৰৰ লগত থাকোঁতেও যদি হৃদয়ৰ দুৱাৰবোৰ বন্ধ হৈ থাকে তেন্তে ?
তেন্তে সেয়া ঘৰ হৈ থাকিব নে ?
লাহেলাহে সেই হৃদয়ৰ দুৱাৰৰ কব্জাত মামৰ নধৰিব নে ? মামৰ ধৰিলেই দুৱাৰ সোলোক ঢোলক হৈ
যায় ….

++++

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search