কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বেজটোলা নিবাসী পিতৃ অশ্বিনী কুমাৰ বৰুৱা আৰু মাতৃ চন্দনা বৰুৱাৰ সুযোগ্য কন্যা সন্তান সুস্মিতা বৰুৱাই সদ্যঘোষিত ২০২৪ বৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে।নিচেই শৈশৱৰ পৰাই পঢ়ি ভালপোৱা মেধাৱী ছাত্ৰী সুস্মিতা বৰুৱাই শিলচৰস্থিত পটেনশ্বিয়েল এণ্ড কনচেপ্ট ইডুকেশ্বন ইনষ্টিটিউটৰ পৰা সৰ্বভাৰতীয় NEET (National Eligibility cum Entrance Test) পৰীক্ষাত ৫০২ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে সুস্মিতা বৰুৱাৰ পিতৃ-মাতৃ কিম্বা অঞ্চলবাসী ৰাইজ।আৰু ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখাসুস্মিতা বৰুৱাৰ সপোনে বাস্তৱ দিশত ৰূপান্তৰিত হওঁক স্পষ্টবাদ অসমৰ তৰফৰ পৰাও জনাইছো অলেখ অযুত শুভকামনা।
হাজোৰ পৰা অনামিকা কলিতা