নিজৰ কৰ্মৰ দ্বাৰা বিশ্বসভাত প্ৰতিষ্ঠিত হ’বলৈ মাতৃভাষা হেঙাৰ হ’ব নোৱাৰে ৷ বিশিষ্ট পৰিবেশ কৰ্মী পদ্মশ্ৰী যাদৱ পায়েঙৰ উদাহৰণেৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্বোদ্ধ কৰি এই মন্তব্য উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° তাৰিণী কান্ত হালৈৰ ৷
অসম সাহিত্য সভা আৰু কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা -ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ উদ্যোগত মদাৰতলা সাদৰী (শতদল) শাখা সাহিত্য সভাৰ সহযোগ আৰু ডোৰাকহঁৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত আজি ডোৰাকহঁৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰী বাবে নিৰ্ধাৰিত বিষয়ৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আৰু আলোচনা সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি এই বক্তব্য আগবঢ়াই ড° হালৈয়ে ৷ অনুষ্ঠানটিত পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মদাৰতলা সাদৰী শতদল সাহিত্য সভাৰ সভাপতি ৰমেশ ডেকাই ৷ স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ডোৰাকহঁৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোটৰ সম্পাদক ভগীৰথ নাথে ৷ দিনৰ ১০ বজাত ছাত্ৰ-ছাত্ৰী সকলো মাজত নিৰ্ধাৰিত বিষয়ত বক্তৃতা প্ৰতিযোগিতা অনুস্থিত হয় ৷ অঞ্জনটোৰ বহুকেইখন বিদ্যালয়ৰ পৰা অহা বহুসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত ডোৰাকহঁৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মনালিছা দাসে প্ৰথম, মদাৰতলা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিল্পা কলিতাই দ্বিতীয় আৰু ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অৰুণিমা ডেকাই তৃতীয় স্থান লাভ কৰে ৷ প্ৰতিযোগিতাখন সঞ্চালনা কৰে জিলাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন কলিতাই ৷ বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক কিতাপৰ টোপোলা আৰু প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰা হয় আৰু সকলো প্ৰতিযোগীক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ তাৰ পিছত বিদ্যালয় প্ৰেক্ষাগৃহত অনুস্থিত আলোচনা সভাৰ আঁত ধৰে অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাই ৷ বিশিষ্ট সংগীত শিল্পী শশধৰ ডেকাৰ পৰিচালনাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আলোচনা সভা আৰম্ভ কৰা হয় ৷ কামৰূপ জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ দিলীপ ঠাকুৰীয়া, কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন কলিতা , অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণি চৰণ কলিতা, মদাৰতলা সাদৰী (শতদল) সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয়, গিৰীশ শৰ্মা আৰু শশধৰ ডেকা, প্ৰাক্তন উপ সভাপতি ব্ৰজেন্দ্ৰ ডেকা, শাখাটিৰ উপ সভাপতি সুভাষ শৰ্মা, মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ কেন্দ্ৰীয় সমিতিৰ সহযোগী আহ্বায়ক হেৰম্ব কুমাৰ নাথ, প্ৰমুখ্যে জিলা সভা আৰু শাখা সভাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা সভাখনত বিশেষভাৱে আদৰণি আৰু ধন্যবাদসূচক ভাষণ ৰাখে ডোৰাকহঁৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা মেধীয়ে ৷ অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰে আগবঢ়োৱা চমু ভাষণো আছিল অতি তত্ত্বগধুৰ ৷ অংশগ্ৰহণ কৰা প্ৰতি গৰাকী বিশিষ্ট অতিথিক গামোচা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনাই উদ্যোক্তাসকলে ৷ অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ কাৰ্যকৰী সভাপতি সাহিত্য অকাডেমী বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই অভ্যাগত আৰু ছাত্ৰছাত্ৰীসকলক উদ্দেশ্যি সাৰুবা বক্তব্য ৰাখে ৷ অনুষ্ঠানৰ মাজতে নৱম শ্ৰেণীৰ ছাত্ৰী অৰুণিমা ডেকাৰ গীতে সোণত শুৱগা চৰায় ৷ সভাত সমজুৱালৈ কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদসূচক বক্তব্য দিয়ে মদাৰতলা সাদৰী (শতদল) সাহিত্য সভাৰ সম্পাদক তথা জিলা সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হেমন্ত কুমাৰে ৷ জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সফল সামৰণি হয় ৷