শিলাদিত্য চেতিয়াৰ কাহিনী আচলতে আজিৰ নিসংগ অসহায় আধুনিক মানুহৰ কাহিনী। কিন্তু আনহাতে ই দুগৰাকী স্বামী স্ত্ৰীৰ প্ৰেম আৰু বন্ধনৰো দুৰ্লভ নিদৰ্শন।
আইপিএছ বিষয়া শিলাদিত্য চেতিয়াৰ পিতৃ মাতৃৰ পূৰ্বেই মৃত্যু হৈছিল। সন্তান নাছিল। চেতিয়াৰ একমাত্ৰ সংগী তেওঁৰ পত্নী যি দীৰ্ঘ দিন জটিল ৰোগত আক্ৰান্ত। আজি বেছ কিছুদিন তেওঁ হাস্পতালত চিকিৎসাধীন। চৰকাৰী গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি থকা চেতিয়াই অফিচৰ কামৰ মাজতে পত্নীক শুশ্ৰূষা কৰেগৈ। বেচ কিছু দিন হাস্পতালেই চেতিয়াৰ ঘৰ হৈ পৰিছিল–এটা আশা বুকুত বান্ধি যে তেওঁৰ পত্নী ভাল হৈ এদিন ঘৰলৈ উভটি আহিব।
কেইদিনমান পূৰ্বে চেতিয়াৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আইচিইউ লৈ নিয়া হল। আজি বিয়লি তেওঁৰ মৃত্যু হয়।
চেতিয়া সাজু হৈ আছিলেই , ছাৰ্ভিচ ৰিভলভাৰটো লগত ৰাখিছিল।হাস্পতালত ডাক্তৰে তেওঁৰ পত্নীৰ মৃত্যু নিশ্চিত কৰাৰ লগে লগে চেতিয়াই ৰিভলভাৰটো উলিয়াই নিজৰ মুৰত গুলিয়াই দিয়ে।
মুহূৰ্ততে এটা পৰিয়ালৰ অস্তিত্ব নাইকিয়া হৈ গ’ল।হাঁহিমুখীয়া কেৰিয়াৰ-সফল মানুহটোৰ মনত ইমান দিনে কি চলি আছিল কোনোৱে বুজিব নোৱাৰিলে। অনাগত জীৱনৰ চৰম একাকীত্ব শিলাদিত্য চেতিয়াই মানি লব নুখুজিলে। এই আত্মহত্যাৰ বাবে কাকো কোনো অজুহাত দিয়াৰ প্ৰয়োজন নাই–কোনো ছুইচাইড নোটৰো প্ৰয়োজন নাই।
মনোজ গোস্বামী