অহা ৬ জুলাই, ২০২৪ শনিবাৰে শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামে অসমৰ বিখ্যাত ইতিহাসবিদ ড° সূর্য্যকুমাৰ ভূঞাৰ ৬০ তম্ স্মৃতি দিৱস উপলক্ষে ইতিহাস বিষয়ক দুটা বিশেষ বক্তৃতাৰ আয়োজন কৰা হৈছে। “মহাৰাজ পৃথু আৰু তেওঁৰ বীৰত্ব” শীৰ্ষক বক্তৃতাটো প্ৰদান কৰিব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ হিষ্টৰীকেল ষ্টাডিজৰ সহযোগী অধ্যাপক ড° ৰক্তিম পাটৰে। আনহাতে ‘শৰাইঘাট-আলাবৈ ৰণত কামৰূপৰ ভূমিকা’ শীর্ষক বক্তৃতাটো প্ৰদান কৰিব বিশিষ্ট ইতিহাসবিদ ড° গজেন্দ্ৰ অধিকাৰীয়ে। বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰাণা প্রতাপ কলিতাই। উক্ত অনুষ্ঠানত নির্দিষ্ট সময়ত ৰাইজৰ উপস্থিতৰ লগতে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আশা কৰিছে শৰাইঘাট জাৰ্ণেলিষ্ট ফৰামৰ সভাপতি সম্পাদক ক্ৰমে পৰেশ বৈশ্য আৰু মধু শোধন মেধিয়ে ।