author

শুৱালকুছিত অনুষ্ঠিত নৱম কামৰূপ জিলা আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাত শুৱালকুছিৰ চাক্সিত দাসৰ সাফল্য

কামৰূপ জিলা টাইকোৱানডো সন্থাৰ তত্বাৱধানত শুৱালকুছি টাইকোৱানডো একাডেমী আৰু গুৰুকুল টাইকোৱানডো একাডেমীৰ উদ্যোগত নৱম আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাখনি শুৱালকুছি কলিতা মন্দিৰৰ শিশু উদ্যানত অনুষ্ঠিত হয়। লৰাৰ ছাব জুনীয়ৰৰ ২৫ কেজি বয়সৰ শাখাত সমীন্দ্ৰ দাসৰ পুত্ৰ চাক্সিত দাসে ৰূপৰ পদক লাভ কৰি সমগ্ৰ শুৱালকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। শুৱালকুছি টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক গোলাপ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ […]

বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে

👈 বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে।👈 ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কুশল পথত অঘটন।👈 চাৰিং হাফলুটিঙৰ শিক্ষক বিদ্যুৎ নাথ আৰু তেওঁৰ শিৱসাগৰৰ শিক্ষয়িত্ৰী পত্নী উপাসনা বৰগোহাঁয়ে তিনিমহলিয়া বিল্ডিঙৰ পৰা জঁপিয়াই চৰম পথ বাছি লোৱাৰ চেষ্টা চলায়। দুয়ো পতি-পত্নীয়ে ডিমৌৰ সমীপৰ জামিৰা আৰু নিতাইপুখুৰীত শিক্ষকতা কৰিছিল। কি কাৰণত শিক্ষক-শিক্ষয়িত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি ল’লে, সেয়া এতিয়াও […]

জুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড কেইবাটাও বাসগৃহ ভস্মীভূত হোৱাৰ উপৰিওজুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ, সমস্ত ফাৰ্ণিচাৰ সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী । ৰঙিয়াৰ পূৱ সাহানৰ নিবাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । বিদ্যুতৰ চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী । মহাবিদ্যালয় খনৰ ২০৮ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১৭৪ গৰাকী ছাত্ৰ ছাত্ৰী । কলা শাখাৰ উত্তীৰ্ন হাৰ ৮৩.৬৫ । ইয়াৰে প্ৰথম বিভাগ ১৯ গৰাকী দ্বিতীয় বিভাগ ৩৩ গৰাকী আৰু তৃতীয় বিভাগত […]

শুৱালকুছি আৰক্ষী থানাত দালালৰাজ !!

কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সাংবাদিকে । সাংবাদিক গৰাকীয়ে অভিযোগ কৰা অনুসৰি শুৱালকুছি আৰক্ষীৰ নামত দাস উপাধিৰ কোনো এজন ব্যক্তিয়ে দালালি কৰি ধন সংগ্ৰহ কৰে । সামাজিক মাধ্যমত মুকলি কৈ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে সাংবাদিক গৰাকীয়ে এই অভিযোগ আনিছে যদিও দাস উপাধিৰ সেই বিশেষ ব্যক্তি জনৰ দালালি সম্পৰ্কত আৰক্ষী অৱগত […]

কামৰূপ জিলাত ভোটাৰ সজাগতা কাৰ্যসূচীৰ অধীনত অভিনৱ পদক্ষেপ ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ জৰিয়তে ভোটদানৰ অভিজ্ঞতা প্ৰদান

অহা ৭ মে’ত অনুষ্ঠিতব্য লোকসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ দিশত একাধিক পদক্ষেপ গ্ৰহণ কৰি অহা কামৰূপ নিৰ্বাচনী জিলাই আজি জিলাখনত ভোটাৰ সজাগতাৰ লক্ষ্যৰে ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদানৰ অভিজ্ঞতা প্ৰদানৰ আন এক অভিনৱ কাৰ্যসূচী অনুষ্ঠিত কৰে। কামৰূপ জিলাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত যুৱ ভোটাৰসকলক ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰে ভোটদানৰ অভিজ্ঞতা […]

Home
NEWS
Search