সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী । মহাবিদ্যালয় খনৰ ২০৮ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১৭৪ গৰাকী ছাত্ৰ ছাত্ৰী । কলা শাখাৰ উত্তীৰ্ন হাৰ ৮৩.৬৫ । ইয়াৰে প্ৰথম বিভাগ ১৯ গৰাকী দ্বিতীয় বিভাগ ৩৩ গৰাকী আৰু তৃতীয় বিভাগত […]
নামনি অসমৰ একমাত্ৰ কেৱলীয়া সত্ৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰৰ দশম জনা সত্ৰাধিকাৰৰ প্ৰথম তিৰোভাৱ তিথি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষত পুৱা ৭-৩০ বজাত বিশিষ্ট সমাজ কৰ্মী তথা সত্ৰৰ বয়োজেষ্ঠ ভকত দীনেশ চন্দ্ৰ বৈশ্যৰ দ্বাৰা এটি সত্ৰাধিকাৰৰ সোঁৱৰণত গছ পুলি ৰোপনৰ কৰা হয়। পিছত আই সকলৰ প্ৰসঙ্গ।১০ বজাত বৰপেটাৰ নিৰ্মল মহন্তৰ পৰিচালনাত নাম প্ৰসঙ্গ […]
👈ৰূপহীহাটতভয়ংকৰ পথ দুর্ঘটনাত👈থিতাতে এজন ছাত্র নিহত, দুজন ছাত্ৰ গুৰুতৰভাৱে আহতআজি পুৱা ৰূপহী বজাৰৰ মাজমজিয়াত এখনতীব্রবেগী ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই তিনিগৰাকী স্কুলীয়াছাত্রক মহটিয়াই নিযাৰ ফলত এজন ছাত্ৰ থিতাতে নিহত হয় ।নিহত ছাত্ৰজন গুণাবাৰীৰ মামুদ জামান আৰু আহত ছাত্র দুগৰাকী ক্ৰমে গুণাবাৰীৰ ইক্ৰামূল হক আৰু গেৰেকীৰইতিকাৰ আহমেদ। এএছ-২৫ ইচি-৮৭২৩ নম্বৰৰ ডাম্পাৰে মহটিয়াই নিয়ে এএছ-০২ এএল-১৬৩৭ নম্বৰৰ মটৰ চাইকেল […]
আপুনি যদি প্ৰকৃতিপ্ৰেমী আৰু আপুনি যদি এজাৰ কৃষ্ণচূড়াৰৰ ৰং চাবলৈ কেতিয়াবা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈছে তেনেহলে আপুনি আৰু সেই ৰং চাবলৈ নাপাব । এতিয়া আৰু গুৱাহাটী-বকো-গোৱালপাৰা পথছোৱাত এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু নুফুলে ।অসমৰ আন কোনো অঞ্চলতে নেদেখা এই সুদীৰ্ঘ পথচোৱাৰ দুয়োকাষে ডাল ভৰি ভৰি ফুলা গছবোৰৰ সৌন্দৰ্য এইবছৰৰ পৰা আৰু কেতিয়াও দেখা নাপাব । […]
অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন । ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ নিৰ্বাচনী জিলাত ৪,১৮,৪০৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৪,২০,৫৮০ গৰাকী মহিলা ভোটাৰ সহিতে সৰ্বমুঠ ৮,৩৮,৪৯৩ গৰাকী ভোটাৰে এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিব। তদুপৰি জিলাখনত এইবাৰ পঞ্জীয়ন হোৱা নতুন […]
অহা ৭ মে’ত কামৰূপ জিলাত ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ জিলা আয়ুক্তই আজি এক নিৰ্দেশযোগে কামৰূপ জিলাৰ ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকা সমূহত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈ অৰ্থাৎ ভোটগ্ৰহণ […]
সভাত কামৰূপ নিৰ্বাচনী জিলাই পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত হাতত লোৱা ভোটাৰ বন্ধু কাৰ্যসূচীৰ অংশৰূপে যোৱাবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰা যুৱ ভোটাৰ সকলে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক সাতটা মণিৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিওৱা বন্ধুত্বৰ বেণ্ড পিন্ধাই ভোটদানৰ আহ্বান জনায়। উল্লেখ্য যে এই বন্ধুত্বৰ বেণ্ডে […]
তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে গুৱাহাটী আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ নিৰ্বাচনী জিলা পৰিদৰ্শন কৰি জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। কামৰূপ জিলাৰ সংহত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কীৰ্তি জল্লী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, জিলা […]
এখন পাছত আনখন VVIP ৰ হেলিকপ্টাৰে এতিয়া অৱতৰণ কৰিছে হাজো-শুৱালকুছি বিধানসভা সমষ্টিত।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰদলৰ উমৈহতীয়া প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হাজো-শুৱালকুছি সমষ্টিৰ কুলহাটীত অনুষ্ঠিত নিৰ্বাচনী সভাত জনতাৰ উৎসাহ দেখি অভিভূত হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে […]
কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী সাংবাদিকে । সাংবাদিক গৰাকীয়ে অভিযোগ কৰা অনুসৰি শুৱালকুছি আৰক্ষীৰ নামত দাস উপাধিৰ কোনো এজন ব্যক্তিয়ে দালালি কৰি ধন সংগ্ৰহ কৰে । সামাজিক মাধ্যমত মুকলি কৈ শুৱালকুছি আৰক্ষীৰ বিৰুদ্ধে সাংবাদিক গৰাকীয়ে এই অভিযোগ আনিছে যদিও দাস উপাধিৰ সেই বিশেষ ব্যক্তি জনৰ দালালি সম্পৰ্কত আৰক্ষী অৱগত […]