ৰঙিয়াত হিট এণ্ড ৰানৰ ঘটনা । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্ঘটনাত সংঘটিত কৰা বাহনৰ ।

ৰঙিয়াৰ ২৭ ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনে খুন্দিয়ালে বাইকক । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ বাইক আৰোহী । পুৱতি নিশা আৰক্ষীয়ে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱক দুজনক চিকিৎসালয়ত ভৰ্তি কৰায় । দুৰ্ঘটনাটো কেতিয়া সংঘটিত হৈছিল সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই । একাংশৰ সন্দেহ নলবাৰী অভিমুখী অচিনাক্ত বাহনে নলবাৰী অভিমুখী AS 25 X 4702 […]

শুৱালকুছিত অনুষ্ঠিত নৱম কামৰূপ জিলা আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাত শুৱালকুছিৰ চাক্সিত দাসৰ সাফল্য

কামৰূপ জিলা টাইকোৱানডো সন্থাৰ তত্বাৱধানত শুৱালকুছি টাইকোৱানডো একাডেমী আৰু গুৰুকুল টাইকোৱানডো একাডেমীৰ উদ্যোগত নৱম আন্তঃক্লাব টাইকোৱানডো প্ৰতিযোগিতাখনি শুৱালকুছি কলিতা মন্দিৰৰ শিশু উদ্যানত অনুষ্ঠিত হয়। লৰাৰ ছাব জুনীয়ৰৰ ২৫ কেজি বয়সৰ শাখাত সমীন্দ্ৰ দাসৰ পুত্ৰ চাক্সিত দাসে ৰূপৰ পদক লাভ কৰি সমগ্ৰ শুৱালকুছি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। শুৱালকুছি টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক গোলাপ শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ […]

বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে

👈 বিল্ডিঙৰ পৰা জঁপিয়ালে দুই শিক্ষক পতি-পত্নীয়ে।👈 ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কুশল পথত অঘটন।👈 চাৰিং হাফলুটিঙৰ শিক্ষক বিদ্যুৎ নাথ আৰু তেওঁৰ শিৱসাগৰৰ শিক্ষয়িত্ৰী পত্নী উপাসনা বৰগোহাঁয়ে তিনিমহলিয়া বিল্ডিঙৰ পৰা জঁপিয়াই চৰম পথ বাছি লোৱাৰ চেষ্টা চলায়। দুয়ো পতি-পত্নীয়ে ডিমৌৰ সমীপৰ জামিৰা আৰু নিতাইপুখুৰীত শিক্ষকতা কৰিছিল। কি কাৰণত শিক্ষক-শিক্ষয়িত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি ল’লে, সেয়া এতিয়াও […]

জুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড কেইবাটাও বাসগৃহ ভস্মীভূত হোৱাৰ উপৰিওজুইত জাহ গল ন-বোৱাৰীৰ সোনৰ আ-অলংকাৰ, সমস্ত ফাৰ্ণিচাৰ সহ লক্ষাধিক টকাৰ সা-সামগ্ৰী । ৰঙিয়াৰ পূৱ সাহানৰ নিবাসী চাহনুৰ আলীৰ গৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । বিদ্যুতৰ চৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে

শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ ফলাফলক লৈ উৎফুল্লিত মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী । মহাবিদ্যালয় খনৰ ২০৮ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ১৭৪ গৰাকী ছাত্ৰ ছাত্ৰী । কলা শাখাৰ উত্তীৰ্ন হাৰ ৮৩.৬৫ । ইয়াৰে প্ৰথম বিভাগ ১৯ গৰাকী দ্বিতীয় বিভাগ ৩৩ গৰাকী আৰু তৃতীয় বিভাগত […]

শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ দশম সত্ৰাধিকাৰৰ তিৰোভাৱ তিথি আৰু সত্ৰাধিকাৰৰ অভিষেক

নামনি অসমৰ একমাত্ৰ কেৱলীয়া সত্ৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰী হাটীসত্ৰৰ দশম জনা সত্ৰাধিকাৰৰ প্ৰথম তিৰোভাৱ তিথি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষত পুৱা ৭-৩০ বজাত বিশিষ্ট সমাজ কৰ্মী তথা সত্ৰৰ বয়োজেষ্ঠ ভকত দীনেশ চন্দ্ৰ বৈশ্যৰ দ্বাৰা এটি সত্ৰাধিকাৰৰ সোঁৱৰণত গছ পুলি ৰোপনৰ কৰা হয়। পিছত আই সকলৰ প্ৰসঙ্গ।১০ বজাত বৰপেটাৰ নিৰ্মল মহন্তৰ পৰিচালনাত নাম প্ৰসঙ্গ […]

দাম্পৰৰ দৌৰাত্ম অব্যাহত । এজন নিহত দুজন আহত

👈ৰূপহীহাটতভয়ংকৰ পথ দুর্ঘটনাত👈থিতাতে এজন ছাত্র নিহত, দুজন ছাত্ৰ গুৰুতৰভাৱে আহতআজি পুৱা ৰূপহী বজাৰৰ মাজমজিয়াত এখনতীব্রবেগী ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই তিনিগৰাকী স্কুলীয়াছাত্রক মহটিয়াই নিযাৰ ফলত এজন ছাত্ৰ থিতাতে নিহত হয় ।নিহত ছাত্ৰজন গুণাবাৰীৰ মামুদ জামান আৰু আহত ছাত্র দুগৰাকী ক্ৰমে গুণাবাৰীৰ ইক্ৰামূল হক আৰু গেৰেকীৰইতিকাৰ আহমেদ। এএছ-২৫ ইচি-৮৭২৩ নম্বৰৰ ডাম্পাৰে মহটিয়াই নিয়ে এএছ-০২ এএল-১৬৩৭ নম্বৰৰ মটৰ চাইকেল […]

গুৱাহাটী-বকো-গোৱালপাৰা পথছোৱাত এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু নুফুলে

আপুনি যদি প্ৰকৃতিপ্ৰেমী আৰু আপুনি যদি এজাৰ কৃষ্ণচূড়াৰৰ ৰং চাবলৈ কেতিয়াবা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈছে তেনেহলে আপুনি আৰু সেই ৰং চাবলৈ নাপাব । এতিয়া আৰু গুৱাহাটী-বকো-গোৱালপাৰা পথছোৱাত এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু নুফুলে ।অসমৰ আন কোনো অঞ্চলতে নেদেখা এই সুদীৰ্ঘ পথচোৱাৰ দুয়োকাষে ডাল ভৰি ভৰি ফুলা গছবোৰৰ সৌন্দৰ্য এইবছৰৰ পৰা আৰু কেতিয়াও দেখা নাপাব । […]

ভোটগ্ৰহণৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন

অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন । ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ নিৰ্বাচনী জিলাত ৪,১৮,৪০৭ গৰাকী পুৰুষ ভোটাৰ আৰু ৪,২০,৫৮০ গৰাকী মহিলা ভোটাৰ সহিতে সৰ্বমুঠ ৮,৩৮,৪৯৩ গৰাকী ভোটাৰে এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিব। তদুপৰি জিলাখনত এইবাৰ পঞ্জীয়ন হোৱা নতুন […]

কামৰূপ নিৰ্বাচনী জিলাৰ ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাত ভোটগ্ৰহণৰ বাবে ড্রাই ডে ঘোষণা

অহা ৭ মে’ত কামৰূপ জিলাত ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ জিলা আয়ুক্তই আজি এক নিৰ্দেশযোগে কামৰূপ জিলাৰ ৫ নং গুৱাহাটী আৰু ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকা সমূহত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈ অৰ্থাৎ ভোটগ্ৰহণ […]

Home
NEWS
Search