শুৱালকুছি প্ৰৱেশ দ্বাৰৰ সমীপত অবৈধ সুৰাৰ ঘাটি

0 minutes, 0 seconds Read

বংশৰৰ পৰাও আহে বিষাক্ত চুলাই

নিৰ্লিপ্ত প্ৰশাসন নিমাত সমাজ

এটা সময়ত শুৱালকুছিত সুৰা বিপনি আছিল । চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত সুৰাৰ বিপনিত গ্ৰাহকৰ ভিৰ হৈছিল ।। ধৰ্ম আৰু কৰ্ম নগৰী হিচাপে স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰনগৰীত মুকলি ভাবে এনেদৰে সুৰা বিক্ৰী কৰা বিষয়টোৱে সচেতন সমাজক চিন্তিত কৰি তুলিছিল আৰু সুৰা বিপনিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংজ্ঞবদ্ধ হৈছিল । গাঁও বাসীৰ আপ্ৰাণ চেষ্টা আন্দোলন প্ৰতিবাদ আদিৰ শেষত গাঁও খনৰ পৰা চৰকাৰী স্বীকৃতি প্ৰাপ্ত সুৰা বিপনি উঠাই নিবলৈ বাধ্য হৈছিল । কিন্ত্ত গাঁও খনৰ বৈধ্য সুৰা বিপনি বন্ধ হল ঠিকেই কিন্তু গাঁও খনত অবৈধ সুৰাৰ অবাধ প্ৰচলনে সামাজিক পৰিবেশ নষ্ট কৰিবলৈ আৰম্ভ কৰিলে । ইমূৰৰ পৰা সিমুৰলৈ অবৈধ্য সুৰাৰ ব্যৱসায় অবাধ গতিত বৃদ্ধি পাবলৈ আৰম্ভ হল । আৰক্ষী প্ৰশাসন আপকাৰী কোনো এটা বিভাগে এই ধৰণৰ সামাজিক পৰিবেশ নষ্ট কৰা যুৱ প্ৰজন্মক ধংশ কৰা অবৈধ্য সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে । শেহতীয়া ভাবে শুৱালকুছিৰ মূল সৌন্দৰ্য শুৱালকুছি প্ৰৱেশ দ্বাৰ তথা বস্ত্ৰ উদ্যানৰ সমীপত এক বিশেষ স্থানত অবাধ গতিত চলি আছে অবৈধ্য সুৰাৰ ব্যৱসায় । এইফালে শুৱালকুছিৰ সমীপতে বংশৰ নামৰ গাঁও খনত যুগ যুগ ধৰি চলি অহা চুলাই মদৰ নামত বিষাক্ত সুৰাও আহে প্ৰশাসনৰ সন্মুখতে চলি থকা অবৈধ্য সুৰাৰ ঘাটিলৈ । বিশেষকই বংশৰত নিৰ্মীত বিষাক্ত চুলাইৰ প্ৰভাৱত হাজাৰ হাজাৰ পৰিয়াল ধংশ হোৱাৰ উপৰিও মৃত্যু মুখত পৰিছে সহস্ৰ জন। এনে অবৈধ্য সুৰাৰ বিৰুদ্ধে কেইজনমান লোকে তীব্ৰ বিৰোধ কৰি অহাৰ উপৰিও এনে মাৰাত্মক সুৰাৰ বিৰুদ্ধে সকলো সময়তে বাধাৰ প্ৰাচীৰ হিচাপে থিয় হৈ আহিছে যদিও গাঁও খনৰ অধিক সংখ্যক লোকেই নিমাত এই বিষয় বোৰৰ ওপৰত , নিমাত সামাজিক অনুষ্ঠান ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search