মুম্বাইৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত

0 minutes, 0 seconds Read

ধুমুহাত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই চহৰ । সোমবাৰে এখন বিশাল বিলবোৰ্ড ভাঙি পৰাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল যদিও মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু মঙলবাৰৰ পুৱালৈকে ১৪ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা কমেও ৭৪ জন।
সোমবাৰে আবেলিৰ পৰা বাণিজ্যিক চহৰখনত ধূলিৰ ধুমুহাই তীব্ৰ আতংকৰ সৃষ্টি কৰে। ধুমুহা ইমানেই তীব্ৰ আছিল যে প্ৰায় ১০০ ফুট ওখ বিলবোৰ্ড এখন বতাহৰ কোবত ভাঙি পৰে। বিলবোৰ্ডৰ তলত বহুলোক চেপা খাই পৰাৰ আশংকা কৰা হৈছিল।
আৰক্ষীয়ে খৰধৰকৈ সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। এন ডি আৰ এফকো অৱগত কৰা হয়। বিলবোৰ্ডবোৰ আঁতৰাই এটা এটাকৈ মৃতদেহবোৰ উলিয়াই অনা হয়।
জানিব পৰা মতে, মুম্বাইৰ ঘাটকোপাৰ অঞ্চলৰ পেট্ৰ’ল পাম্পৰ কাষতে বিলবোৰ্ডখন আছিল। এন ডি আৰ এফৰ তথ্য অনুসৰি মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। আহত ৭৪ জনতকৈ অধিক। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ মতে, ইগো মিডিয়া নামৰ এটা বিজ্ঞাপন সংস্থাই এই হাৰ্ডিং নিৰ্মাণ কৰিছিল। লগতে আৰু চাৰিখন হৰ্ডিং আছিল। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ হৰ্ডিংখন ধুমুহাৰ ফলত ভাঙি পৰে। এই ঘটনাত বিজ্ঞাপন কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। সঠিক নিয়ম অনুসৰি আৰু অনুমতি সাপেক্ষে বনোৱা হৈছিল নে নাই সেয়া বিষয়ে পৰীক্ষা কৰি থকা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছে মহাৰাষ্ট্ৰ চৰকাৰে এই ঘটনাৰ বিশদ তদন্তৰ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে

মুম্বাইত এতিয়াও দুৰ্যোগ চলি আছে। ঘাটকোপাৰ, বান্দ্ৰা কুৰলা, ধাৰাভি অঞ্চলত ধুমুহা বতাহৰ লগতে বৰষুণ আৰম্ভ হৈছে। আপাততঃ মুম্বাই বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search