ছমাহে খালী হৈ আছে বনাঞ্চলিক বিষয়াৰ পদ । একাংশ চোৰাং কাঠ বেপাৰীৰ দৌৰাত্মত মুকলিকৈ চলিছে বন ধংশ অভিযান

0 minutes, 0 seconds Read

মহানগৰীৰ পার্শ্ববর্তী বনাঞ্চলসমূহত চলি আছে অবাধ বন ধ্বংস। বিশেষকৈ পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিকৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে চোৰাং কাঠ বেপাৰীৰ দৌৰাত্ম্য। উল্লেখযোগ্য যে পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিকৰ তিনিওখন সংৰক্ষিত বনাঞ্চলত বিগত কেইবাবছৰৰ পৰা চলি আছে চোৰাং বেপাৰীৰ দৌৰাত্ম্য। শেহতীয়াকৈ ৰাণী সংৰক্ষিত বনাঞ্চলৰ চজনপাৰা, ছাটাৰগাঁৱৰ বনাঞ্চলত নিতৌ ধ্বংস কৰা হৈছে আপুৰুগীয়া বনজ সম্পদ। গধূলি সময়তে একাংশ চোৰাং কাঠ মাফিয়াই মেচিন লগাই প্রকাণ্ড প্রকাণ্ড চেগুন গছ কাটি সৰবৰাহ কৰে। এইক্ষেত্ৰত বন বিভাগে চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ উঠিছে। ইফালে একাংশ ৰাইজৰ অভিযোগমতে প্ৰায় ছমাহ ধৰি মুৰব্বীবিহীন হৈ চলি থকা ৰাণী বনাঞ্চলিক কার্যালয়ত এতিয়ালৈকে বন বিভাগে বনাঞ্চলিক বিষয়া নিযুক্তি নিদিয়াৰ সুযোগ লৈ একাংশ কৰ্মচাৰীয়ে বন ধ্বংসযজ্ঞত হাত উজান দিছে। জানিব পৰামতে ৰাণী বনাঞ্চলৰ তিনিওখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত চোৰাং বেপাৰীয়ে নিতৌ মূল্যৱান গছ কাটি বনাঞ্চলৰ ভিতৰত অত্যাধুনিক মেচিনেৰে গছবোৰ টুকুৰা কৰি পুনৰ নিৰ্ধাৰিত জোখত কাটি সেইবোৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আছে। এনে কামত বিশেষকৈ মাৰুতি ভান, অল্ট’ আদি বাহনসমূহ ব্যৱহাৰ হৈ আহিছে। এনে চোৰাং কাঠ প্রায়ে ৰাণী তিনিআলি হৈ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এনে পৰিস্থিতিত ৰাইজে বন ধ্বংস ৰোধ কৰিবলৈ প্রশাসনক দাবী জনাইছে।

প্ৰতিবেদক- জোন ৰাভা

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search