দেওবাৰে নিশা মঙলদৈৰ শ্ৰী শ্ৰী মোৱামৰীয়া হৰি মন্দিৰত চোৰে চলালে চাফাই অভিযান।
ৰাজ্যখনৰ এক উল্লেখযোগ্য উপসনাৰ স্থান মঙলদৈৰ শ্ৰী শ্ৰী মোৱামৰীয়া হৰি মন্দিৰৰ দান পাত্ৰ,প্ৰনামী বাকচ ভাঙি চোৰে লুট কৰিলে ডেৰ লক্ষ্যাধিক টকাৰ লগতে ডেৰ দুই লক্ষ্যাধিক টকা মূল্যৰ সোন ৰূপ।
ভক্তই প্ৰদান কৰা দান,সোন ৰূপৰ বেল পাত, অলংকাৰ সহ প্ৰায় চাৰি লক্ষ্যাধিক টকা সোণ ৰূপ চোৰে লৈ উধাও হয়। ঘটনা সম্পৰ্কত মন্দিৰ কৰ্তৃপক্ষই আৰক্ষীক সমগ্ৰ বিষয় অৱগত কৰাৰ পাছত মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো তথ্য উদ্ধাৰ কৰিব পৰা নাই
মঙলদৈৰ পৰা ভবেশ কলিতা