এই দৃশ্য আমাৰ বাবে অসহনীয়!
অসমৰ জাতীয় আন্দোলনৰ স্মৃতি বিজৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক শ্বহীদবেদীটি আজি ভাঙি পৰে। ধুমুহাত গছ বাগৰি বেদীটো বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল।
গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসনক যিমান পাৰি সোনকালে শ্বহীদবেদীটো পূৰ্বৰ আৰ্হিতে পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছোঁ। এই বিষয়ে ইতিমধ্যেই বিশ্ববিদালয়ৰ উপাচাৰ্য্য, পঞ্জীয়ক মহাশয়ৰ সৈতেও আলোচনা কৰিছোঁ; তেখেতসকলে শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ ল’ব বুলি জনাইছে।
গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাকো এই ক্ষেত্ৰত উদ্যোগ ল’বলৈ আহ্বান জনাইছোঁ। এই শ্বহীদবেদী বিশ্ববিদ্যালয়খনৰ অপৰিহাৰ্য অংগ। এই ঐতিহ্যক আমি জীয়াই ৰাখিবই লাগিব।