খেলেৰে পৃথিৱী জয় কৰাৰ সাধনাত ব্ৰতী দুগৰাকী ভগ্নীয়ে শেহতীয়া ভাবে গৌৰৱ কঢ়িয়াই আনিলে শুৱালকুছিলৈ । দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত জিন্তি মণি আৰু ভায়লিনাই সোন আৰু ব্ৰঞ্জৰ পদক লাভ কৰি এই গৌৰৱ কঢ়িয়াই আনে । জিন্তি মণি দাসে ৬৯ কেজি জুনিয়ৰ শাখাত দুটাকৈ সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভায়লিনা দাসে ৬৩ কেজি চাব জুনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । জিন্তি মণি দাসে ফুল পাৱাৰ লিফটিং আৰু ডেড লিফ্ট এভেণ্টত সোণৰ পদক লাভ কৰি এছিয়ান গেমৰ বাবে যোগ্যতা অর্জন কৰে । জিন্তি মণি দাস অসম চৰকাৰৰ সমবায় বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ভায়লিনা দাস শুৱালকুছি গণেশ দাস হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী । দিনবন্ধু দাস আৰু শেৱালি দাসৰ দুই জীয়ৰীৰ এই সফলতাত স্পষ্টবাদ অসমৰ সম্পাদক দিপু গোপী আৰ দাস আৰু কাৰ্যবাহী সম্পাদক ৰঞ্জিত কুমাৰ মহন্তই অভিনন্দন জ্ঞাপন কৰে ।