- আগন্তুক লোকসভা নিৰ্বাচনত বৃহৎ সংখ্যাত ভোটাৰৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে কামৰূপ নিৰ্বাচনী জিলাই আজি হাজোৰ বামুন্দী মহাবিদ্যালয়ত পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ অধীনত এক ভোটাৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰ অধীনত কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এক কাৰ্যসূচীত ভোটাৰ সজাগতাৰ বাবে ভোটাদানৰ আহ্বানেৰে (SVEEP) কোষৰ উদ্যোগত বিখ্যাত চিত্ৰশিল্পী ৰবীন ব’ৰে বালিত অংকণ কৰি প্ৰস্তুত কৰি উলিওৱা তিনিটা সজাগতামূলক ভিডিঅ’ মুকলি কৰে। উল্লেখ্য যে ভিডিঅ’ তিনিটাত ভোটাৰ সজাগতামূলক বাৰ্তা থকাৰ লগতে ঐতিহাসিক দিশত থকা কামৰূপ জিলাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা হৈছে। অনুষ্ঠানত বক্তব্য ৰাখি জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্তই এক সবল গণতন্ত্ৰৰ বাবে ভোটদান প্ৰক্ৰিয়াত সকলোৰে সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে আৰু অহা ৭ মে’ৰ দিনটোত সকলোকে দলে বলে ওলাই আহি ভোটদান কৰিবলৈ আহ্বান জনায়।
সভাত কামৰূপ নিৰ্বাচনী জিলাই পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত হাতত লোৱা ভোটাৰ বন্ধু কাৰ্যসূচীৰ অংশৰূপে যোৱাবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰা যুৱ ভোটাৰ সকলে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক সাতটা মণিৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিওৱা বন্ধুত্বৰ বেণ্ড পিন্ধাই ভোটদানৰ আহ্বান জনায়। উল্লেখ্য যে এই বন্ধুত্বৰ বেণ্ডে অহা ৭ মেত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দিনটো মনত পেলাব। লগতে যোৱাবাৰ লোকসভা নিৰ্বাচনত ভোটদান কৰা যুৱ ভোটাৰসকলে নতুন ভোটাৰসকলক ভোটদান কৰিবলৈ উৎসাহিত কৰিব আৰু নিজৰ অভিজ্ঞতাৰ পৰা ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে অৱগত কৰিব।
অনুষ্ঠানত কামৰূপ নিৰ্বাচনী জিলাই ভোটাদানৰ পূৰ্বে নতুন ভোটাৰসকলক ভোটদান প্ৰক্ৰিয়াৰ সৈতে সুপৰিচিত কৰাৰ কাৰণে প্ৰস্তুত কৰা বেলট ইউনিটৰ ৩ ডি প্ৰতিৰূপৰ ব্যৱহাৰেৰ ভোটদানৰ অভিজ্ঞতা অনুভৱ কৰাৰো সুযোগ দিয়া হয়।