বানৰ সংহাৰ; এই পর্যন্ত ৩০০ৰো অধিক লোকৰ মৃত্যু!

0 minutes, 2 seconds Read

প্ৰকৃতিৰ তাণ্ডৱ চলিছে আফগানিস্তানত। দেশখনত হঠাতে অহা প্ৰবল বানৰ ফলত ৩০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সর্বাধিক ক্ষতিগ্রস্ত হৈছে দেশখনৰ উত্তৰ প্ৰান্ত।

বাঘলান প্রদেশত বানপানীয়ে আটাইতকৈ বেছি ক্ষতিগ্রস্ত কৰাৰ বাতৰি পোৱাৰ লগতে এই অঞ্চলটোত কমেও ৫০ জন লোকৰ মৃত্যু হোৱা আৰু আন কেইবাখনো জিলাত সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে

ইফালে তাখৰ প্ৰদেশতো চৰকাৰী সংবাদ মাধ্যমে বানপানীৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

তালিবান চৰকাৰৰ মুখ্য মুখপাত্র জাবিউল্লাহ মুজাহিদে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফর্ম ‘এক্স’ত লিখিছে, ‘এই ভয়াৱহ বানত শ-শ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু সংখ্যক লোক আহত হৈছে’।

মুজাহিদে বদাখছান, বাঘলান, ঘোৰ আৰু হেৰাট প্ৰদেশক আটাইতকৈ বেছি ক্ষতিগ্রস্ত বুলি অভিহিত কৰে। তেওঁ কয় যে “ব্যাপক ধ্বংসলীলা”ৰ ফলত “যথেষ্ট আর্থিক লোকচান” হৈছে।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search